
নগাঁও, ১৭ জুন (হি.স.)। বহি:ৰাজ্যত কামৰ সন্ধানত গৈ মৃত্যু হোৱা অসমৰ যুৱকৰ মৃতদেহ স্বগৃহত উপস্থিত হয় ৷ নিউ জলফাইগুৰিত ৰেলপথত উদ্ধাৰ হৈছিল যুৱক জনৰ মৃতদেহ ৷
মৃত যুৱক জন নগাঁৱৰ কঠিয়াতলী গৰুবন্ধাৰ চবি পানীকা ৷ কেনেদৰে যুৱক জনৰ মৃত্যু হ'ল এই পৰ্যন্ত জানিব পৰা নাই যদিও মৃতদেহ স্ব গৃহত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে অঞ্চলটোত ৷ যোৱা শনিবাৰে ঘৰৰ পৰা ৰেল যোগে কামৰ সন্ধনত বহি:ৰাজ্যলৈ গৈছিল যুৱক জন ৷ বৰ্তমান আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতে স্বগৃহলৈ মৃতদেহটো অনাৰ ব্যৱস্থা কৰিছে কঠিয়াতলী আৰক্ষীয়ে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু