
নগাঁও, ১৭ জুন (হি.স.): নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ পশ্চিম শালমাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ পথৰ নলাত এটি মৃতদেহ উদ্ধাৰ কৰা হৈছে । যোৱা কালি মঙলবাৰে বিয়লি পানীৰে পূৰ্ণ নলাত উদ্ধাৰ কৰা হয় এজন স্থানীয় ব্যক্তিৰ মৃতদেহ। মৃত ব্যক্তিৰজনৰ নাম অমলা হীৰা বুলি কোৱা হৈছে।
জানিব পৰামতে বিয়লি পথৰ কাষৰ নলাৰ পাৰতে লোকজনক বহি থকা প্ৰত্য়ক্ষ কৰা হৈছিল। হয়তো এনে সময়তে কেনেবাকৈ পৰি যোৱাত পানীত পৰি ব্যক্তি জনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । পাছত স্থানীয় ৰাইজে মৃতদেহটো দেখি ৰহা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আহি ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি চিনাক্ত কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ