
কোকৰাঝাৰ, ১৭ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত হুদুমখাতা গাঁৱত আজি এগৰাকী অচিনাকি লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে হুদুমখাতা গাঁৱৰ পথত দাঁতিত উদ্ধাৰ হৈছে প্ৰায় ৪০ বছৰ বয়সৰ এটা অচিনাক্ত পুৰুষৰ মৃতদেহ । কালি বিয়লি স্থানীয় ৰাইজে পথৰ দাঁতিত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি গোসাঁইগাঁও আৰক্ষীক অৱগত কৰে৷এই খবৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চল্লিশৰ্ধো বয়সৰ যুৱকজনৰ মৃতদেহটো এগৰাকী দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ প্ৰেৰণ কৰে ৷
এই সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা মতে অচিনাক্ত লোকজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি চিনাক্তকৰণৰ বাবে চিকিৎসালয়ৰ মৰ্গত ৭২ ঘন্টা সংৰক্ষণ কৰি ৰখা হ’ব ৷ কিন্তু অচিনাক্ত যুৱকজন ক’ৰ পৰা আহি কেনেকৈ হুদুমখাতা গাঁৱৰ পথৰ দাঁতিত আহি মৃত্যুমুখত পৰিল, সেয়া ৰাইজৰ বাবে নুজুবা সাঁথৰ হৈ পৰিছে ৷ আনহাতে আন একাংশই যুৱকজনক মানসিক ভাৰসাম্যহীন বুলি সদৰি কৰিছে ৷ এই গৰাকী যুৱকক ইতিপূৰ্বে বিভিন্ন এলেকাত অনাই-বনাই ভ্ৰমি ফুৰা বুলি ৰাইজে প্ৰত্যক্ষ কৰিছিল ৷ কিন্তু যিয়েই যি নকওক কিয়, মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ধাৰ হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ