নাৰায়ণপুৰত ধানৰ বিজ বিতৰণ
লখিমপুৰ, ১৭ জুন (হি.স.)। নাৰায়ণপুৰত ধানৰ বিজ বিতৰণ। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা নাৰায়ণপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কৃষক সমূহক আজি উন্নত জাতৰ ৰঞ্জিত চাবওৱান ধানৰ বিজ বিতৰণ কৰা হয়। নাৰায়ণপুৰ, ধলপুৰ আৰু বিহপুৰীয়া চাৰ্কোলৰ কেবাশতাধ
নাৰায়ণপুৰত ধানৰ বিজ বিতৰণ


লখিমপুৰ, ১৭ জুন (হি.স.)। নাৰায়ণপুৰত ধানৰ বিজ বিতৰণ।

ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা নাৰায়ণপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কৃষক সমূহক আজি উন্নত জাতৰ ৰঞ্জিত চাবওৱান ধানৰ বিজ বিতৰণ কৰা হয়। নাৰায়ণপুৰ, ধলপুৰ আৰু বিহপুৰীয়া চাৰ্কোলৰ কেবাশতাধিক কৃষকৰ মাজত ধানৰ বিজ বিতৰণ কৰে মহকুমা কৃষি বিষয়া ঘনশ্যাম দত্তৰ সহিতে কৃষি বিভাগৰ কৰ্মচাৰী আৰু বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক প্ৰতিনিধি সকলে। উল্লেখ্য যে ৰঞ্জিত চাবওৱান ধানৰ বিজৰ উৎপাদন আন ধানতকৈ বহু পৰিমাণে বেছি বুলি কৃষক সকলক অবগত কৰে কৃষি বিভাগৰ তৰফৰ পৰা l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande