
ভাৰতীয় ইতিহাসত ১৮ জুনৰ দিনটোৰ বিশেষ তাৎপৰ্য আছে। এই দিৱসক মহান স্বাধীনতা সংগ্ৰামী ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ শ্বহীদ দিৱস হিচাপে স্মৰণ কৰা হয়। ১৮৫৮ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দি মাতৃভূমি ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল।
১৮৫৭ চনৰ বিপ্লৱত ব্ৰিটিছৰ বিৰুদ্ধে অতুলনীয় সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অন্যতম আগশাৰীৰ নায়িকা ৰাণী লক্ষ্মীবাই। ঝান্সীক ৰক্ষা কৰিবলৈ তেওঁ অসাধাৰণ সাহসেৰে যুঁজিছিল আৰু বিদেশী শাসনৰ বশৱৰ্তী হ’বলৈ অস্বীকাৰ কৰিছিল।
ৰাণী লক্ষ্মীবাইয়ে গোৱালিয়ৰৰ সমীপত ব্ৰিটিছ সৈন্যৰ সৈতে যুঁজি থকাৰ সময়তে শ্বহীদ লাভ কৰে । তেওঁৰ এই ত্যাগ ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসত এক অমলিন প্ৰেৰণাৰ উৎস হৈ পৰিছিল। তেওঁৰ সাহস, নেতৃত্ব আৰু দেশপ্ৰেমে আগন্তুক প্ৰজন্মৰ স্বাধীনতাৰ মনোভাৱক অনুপ্ৰাণিত কৰিছিল ।
ৰাণী লক্ষ্মীবাইৰ স্মৃতিত প্ৰতি বছৰে ১৮ জুনত সমগ্ৰ দেশতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে ৰাইজে তেওঁৰ অৱদানক স্মৰণ কৰি ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সাহস মনোভাৱক শ্ৰদ্ধাঞ্জলি জনায়।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৫৭৬ – আজিৰ দিনটোতে আকবৰ আৰু মহাৰাণা প্ৰতাপৰ মাজত হালদীঘাটীৰ যুদ্ধ আৰম্ভ হয়।
১৭৫৮ – ফৰাচী জেনেৰেল বাছিয়ে নিজাম চালাবাত জঙৰ পৰা যাবলৈ অনুমতি লাভ কৰে।
১৮১২ - তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জেমছ মেডিচনে ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৮১৫ – ৱাটাৰলু যুদ্ধত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হয়।
১৯৪১ – তুৰস্কই নাজী জাৰ্মানীৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে।
১৯৫৬ – হিন্দু উত্তৰাধিকাৰ আইন গৃহীত হয়।
১৯৭২ – ব্ৰিটিছ ইউৰোপীয় বিমান ৫৪৮ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। জাহাজত থকা ১১৮ জন লোকৰ মৃত্যু।
১৯৭৯ - ভিয়েনাত আমেৰিকাৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ আৰু ছোভিয়েট ৰাষ্ট্ৰপতি ব্ৰেজনেভে ছল্ট–।। (SALT-II) চুক্তি স্বাক্ষৰ কৰে।
১৯৯৭ – কম্বোডিয়াৰ খ্মেৰ ৰুজৰ নেতা আৰু ২০ লাখতকৈ অধিক লোকৰ হত্যাকাৰী মাওবাদী পল পটে আত্মসমৰ্পণ কৰে।
১৯৯৯ – লণ্ডনত ইউৰোপৰ ৩৫খন দেশৰ মাজত খোৱাপানীৰ চুক্তি স্বাক্ষৰিত হয়। ভাইকে ফ্ৰাইবেৰেমা লাটভিয়াৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
২০০১ – পাকিস্তানৰ প্ৰতিৰক্ষা বাজেট কৰ্তন কৰা হয়।
২০০১ – তালিবানে আমেৰিকাৰ বিৰুদ্ধে বিন লাডেনৰ ফাতোৱা বাতিল কৰে।
২০০৪ – চাদ সৈন্যই ৬৯ জন চুডানী মিলিচীয়াক হত্যা কৰে।
২০০৪ – আগষ্ট মাহত দক্ষিণ কোৰিয়াই ইৰাকলৈ সৈন্য প্ৰেৰণৰ সিদ্ধান্ত লয়।
২০০৮ – কেন্দ্ৰীয় চৰকাৰে অ’বিচি কোটাত গুজ্জাৰসকলৰ বাবে ৫% সংৰক্ষণ ঘোষণা কৰে। ২০০৮ - ভাৰত ভ্ৰমণলৈ অহা ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ আৰু প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মাজত তিনিখন চুক্তি স্বাক্ষৰিত হয়।
২০০৮ – ফাৰ্মাচিউটিকেল কোম্পানী ৰেনবেক্সিয়ে আমেৰিকাৰ ফাৰ্মাচিউটিকেল কোম্পানী ফাইজাৰৰ সৈতে হোৱা পেটেণ্ট বিবাদৰ সমাধান কৰে।
২০০৮ – ভিয়েটনামে বিশ্বৰ বজাৰত যোগানৰ অৱস্থা উন্নত কৰাৰ বাবে ধান ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লয়।
২০০৯ - নাছাই চন্দ্ৰত পানী বিচাৰিবলৈ এখন বিশেষ মহাকাশযান প্ৰেৰণ কৰে।
২০১৭ - পাকিস্তানে ভাৰতক পৰাস্ত কৰি ২০১৭ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফী লাভ কৰে।
জন্ম
১৮১৭ – আজিৰ দিনটোতে জং বাহাদুৰ - নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
১৮৫২ – চি বিজয় ৰাঘৱ চাৰিয়াৰ - বিখ্যাত জাতীয় নেতা।
১৮৮৭ – আজিৰ দিনটোতে অনুগ্ৰহ নাৰায়ণ সিনহা - ভাৰতীয় স্বাধীনতা সংগ্ৰামী, শিক্ষক, অধিবক্তা, ৰাজনীতিবিদ, আৰু আধুনিক বিহাৰৰ সৃষ্টিকৰ্তা।
১৮৯৯ – আজিৰ দিনটোতে দাদা ধৰ্মাধিকাৰী - বিখ্যাত স্বাধীনতা সংগ্ৰামী, সাহিত্যিক, আৰু গান্ধীবাদী চিন্তাবিদ।
১৯২১ - পি ভেংকটছুব্বাই - বিহাৰ আৰু কৰ্ণাটকৰ ৰাজ্যপাল।
১৯৩১ – ফাৰ্নাণ্ডো হেনৰিক কাৰ্ডোছ’ - ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
১৯৩১ - কে এছ সুদৰ্শন - ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পঞ্চম সৰসংঘচালক।
১৯৫৮ – হোমি ডেডী মতিৱালা - ভাৰতৰ শ্ৰেষ্ঠ নাওঁ চলোৱা খেলুৱৈ।
১৯৯২ – আজিৰ দিনটোতে ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ এগৰাকী মহিলা ৰাজনীতিবিদ গোডেটি মাধৱী।
মৃত্যু
১৯৭৪ – ছেঠ গোবিন্দ দাস - যুঁজাৰু, সাংসদ, আৰু হিন্দী সাহিত্যিক।
১৯৭৪ – জৰ্জি জুকভ - ছোভিয়েট ইউনিয়নৰ প্ৰতিৰক্ষা মন্ত্ৰী।
১৯৯৩ - যুধবীৰ সিং - ভাৰতীয় স্বাধীনতা সংগ্ৰামী, প্ৰখ্যাত ৰাজনীতিবিদ, আৰু হোমিঅ'পেথিক চিকিৎসক।
২০০২ – নসীম বানু - বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী
২০০৯ – আলী আকবৰ খান - বিখ্যাত ভাৰতীয় সংগীতজ্ঞ, শাস্ত্ৰীয় গায়ক, আৰু সৰোদবাদক।
২০২১ - মিলখা সিং - 'ফ্লাইং শিখ' নামেৰে পৰিচিত ভাৰতীয় বিখ্যাত স্প্ৰিণ্টাৰ।
গুৰুত্বপূৰ্ণ অনুষ্ঠান
- গোৱা বিপ্লৱ দিৱস।
- ৰাণী লক্ষ্মীবাইৰ মৃত্যু বাৰ্ষিকী।
-----------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ