ভিডিঅ' কনফাৰেন্সযোগে নীট-ইউজি পৰীক্ষাৰ প্রস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে
পৰীক্ষা সুচাৰুৰূপে আৰু নিকাভাবে অনুষ্ঠিত কৰিবলৈ কঠোৰ পদক্ষেপৰ নির্দেশ গুৱাহাটী, ১৭ জুন (হি.স.)। অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ''বলগীয়া নীট-ইউজি ২০২৬ ৰ পৰীক্ষাৰ পূর্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰীক্ষা অনুষ্ঠিত হ''বলগীয়া জিলাসমূহৰ প্রস
ভিডিঅ' কনফাৰেন্সযোগে নীট-ইউজি পৰীক্ষাৰ প্রস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে


পৰীক্ষা সুচাৰুৰূপে আৰু নিকাভাবে অনুষ্ঠিত কৰিবলৈ কঠোৰ পদক্ষেপৰ নির্দেশ

গুৱাহাটী, ১৭ জুন (হি.স.)। অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া নীট-ইউজি ২০২৬ ৰ পৰীক্ষাৰ পূর্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া জিলাসমূহৰ প্রস্তুতিৰ পৰ্যালোচনা কৰে। জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক ভিডিঅ'কনফাৰেন্সৰ জৰিয়তে মুখ্যমন্ত্রীয়ে এই প্রস্তুতিৰ বুজ লয়। এই পৰীক্ষাৰ বাবেৰাজ্যৰ মুঠ ৪৩,৩১৯ গৰাকী পৰীক্ষার্থীয়ে পঞ্জীয়ন কৰিছে। ৰাজ্যখনৰ ১৭খন জিলাত মুঠ ৮৭টা কেন্দ্রত এই পৰীক্ষা অনুষ্ঠিত হ'ব।

এই পৰীক্ষা সম্পূর্ণ মুক্ত, নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্বআৰোপ কৰিমুখ্যমন্ত্রীয়ে জিলাআয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক যৌথভাৱে সকলো পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শনকৰি নিৰাপত্তা ব্যবস্থা, আন্তঃগাঁথনিৰ প্রস্তুতি আৰু পৰীক্ষাৰ দিনটোৰ লজিষ্টিক ব্যৱস্থাৰ বুজ ল'বলৈ নির্দেশ দিয়ে। ইয়াৰ উপৰি তেওঁ পৰীক্ষাৰ দিনটোৰ পূর্বেই সকলো কেন্দ্রতে চিচিটিভি ব্যবস্থা, বায়'মেট্রিক সৰঞ্জাম আৰু চিগনেল জামাৰৰ এক বাধ্যতামূলক কাৰিকৰী অডিট আৰু ড্রাই ৰান সম্পন্ন কৰিবলৈ নির্দেশ দিয়ে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ মুখ্যমন্ত্রীয়ে সকলো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত উপযুক্ত আইনী নিষেধাজ্ঞা জাৰি কৰিবলৈ নির্দেশ দিয়ে।

এই নিষেধাজ্ঞাসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে পর্যাপ্ত প্রচাৰ চলাবলৈও তেওঁ নির্দেশ দিয়ে, যাতে পৰীক্ষার্থীৰ বাদে আন কোনো লোক পৰীক্ষাকেদ্ৰৰ ওচৰলৈ যাব নোৱাৰে। ইয়াৰ উপৰি তেওঁ সকলো পৰীক্ষা কেন্দ্রতে পর্যাপ্ত সংখ্যক মহিলা আৰক্ষী মোতায়েন কৰাৰ নির্দেশদিয়ে।

পৰীক্ষাৰ্থীৰ পৰীক্ষণ সম্পর্কে নেচনেল টেষ্টিং এজেন্সীৰ নীতি-নির্দেশনাসমূহ কঠোৰভাৱে পালন কৰাৰ ওপৰত মুখ্যমন্ত্রীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে।তেওঁ নির্দেশদিয়ে যে পৰীক্ষণব্যবস্থা অতি দৃঢ়তাবে, পেছাদাৰীভাৱে আৰু ভদ্রতাৰে কৰিব লাগিব, যাতে কোনো ধৰণৰ অসৎ উপায় অৱলম্বনৰ চেষ্টাৰ বিৰুদ্ধে সর্বোচ্চ সতর্কতা অৱলম্বন কৰাৰ লগতে পৰীক্ষার্থীসকলে কোনো ধৰণৰ অসুবিধা বা অস্বস্তিৰ সন্মুখীন

হ'বলগীয়া নহয়। মুখ্যমন্ত্রী ড°শর্মাই চিচিটিভি নিৰীক্ষণৰ বাবে প্রতিখন জিলাতে এজন নডেল অফিচাৰ নিযুক্তি দিবলৈ আৰু নিয়মীয়াকৈ চিচিটিভি ফুটেজৰ আকস্মিক পৰীক্ষা কৰিবলৈ নির্দেশ দিয়ে। প্রশ্ন কাকতৰ নিৰাপত্তাৰ সন্দৰ্ভত তেওঁ নিৰ্দেশ দিয়ে যে প্ৰশ্নকাকত জমা থকা বেংকৰ লকাৰসমূহৰ ব্যৱহাৰ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব।

তেওঁ কয় যে কোনো ব্যক্তিক কেৱল অত্যন্ত জৰুৰী পৰিস্থিতিত আু জিলা দণ্ডাধীশৰ পূৰ্ব অনুমোদন সাপেক্ষেহে লকাৰ গৃহতত প্ৰৱেশৰ অনুমতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ উপৰি তেনে লকাৰসমূহৰ নিৰাপত্তা আৰু নিৰীক্ষণৰ বাবে প্ৰতিখন জিলাতে উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াক দায়িত্ব অৰ্পণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। বৈঠকত চিকিতসা শিক্ষা আৰু গৱেষণা বিভাগৰ বিষয়াসকলে অৱগত কৰে যে চিকিতসা শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হব আৰু এই কেন্দ্ৰ ১৯ জুনৰ পৰা কাৰ্য্যক্ষম হৈ থাকিব। পৰীক্ষাৰ দিনা পৰীক্ষাৰ্থীসকলৰ যাতায়ত সহজ কৰি তুলিবলৈ বৈঠ এডমিট কাৰ্ড দেখুৱালে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়া যাতায়তৰ সুবিধা প্ৰদান কৰা হব।

এই পৰ্যালোচনা বৈঠকত মুখ্য সচিব ড. ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব(গৃহ) অজয় তিৱাৰী, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড. কে কে দ্বিবেদী, বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তা, বিশেষ এডিজিপি ( এছ পি) হিৰেণ নাথ, আই জি পি ( আইন শৃংখলা) অখিলেখ সিং, চিকিতসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত তথা সচিব ড. সিদ্ধাৰ্ত সিং আৰু অন্যান্য জ্যোষ্ঠ বিষয়াসকল উপস্থিত থাকে। নেচনেল টেষ্টিং এজেন্সীৰ মহানিৰ্দেশক অভিষেক সিঙে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে বৈঠকত অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande