গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বিষখোৱা তৃতীয়খণ্ডৰ এখন দলঙে জীয়াতু ভোগাইছে স্থানীয় ৰাইজক
ধুবুৰী, ১৭ জুন (হি.স.)। গোলকগঞ্জৰ বিষখোৱা গাঁৱৰ মাজেৰে বাংলাদেশলৈ বৈ গৈছে বিষখোৱা নৈ। ২০০১ চনতে প্ৰাক্তন বিধায়ক প্ৰয়াত দীনেশ চন্দ্ৰ সৰকাৰে ৰাইজৰ সুবিধাৰ্থে দলং নিৰ্মাণ কৰি দিছিল। কিন্তু ২০১৭ চনৰ প্ৰয়লংকাৰী বানপানীৰ ফলত দলংখনৰ মাজৰ অংশ ডাবি যায
গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বিষখোৱা তৃতীয়খণ্ডৰ এখন দলঙে জীয়াতু ভোগাইছে স্থানীয় ৰাইজক


ধুবুৰী, ১৭ জুন (হি.স.)। গোলকগঞ্জৰ বিষখোৱা গাঁৱৰ মাজেৰে বাংলাদেশলৈ বৈ গৈছে বিষখোৱা নৈ। ২০০১ চনতে প্ৰাক্তন বিধায়ক প্ৰয়াত দীনেশ চন্দ্ৰ সৰকাৰে ৰাইজৰ সুবিধাৰ্থে দলং নিৰ্মাণ কৰি দিছিল।

কিন্তু ২০১৭ চনৰ প্ৰয়লংকাৰী বানপানীৰ ফলত দলংখনৰ মাজৰ অংশ ডাবি যায় আৰু দুয়ো কাষে মাটি খহাই নিয়ে। তেতিয়াৰ পৰা আজি লৈকে স্থানীয় ৰাইজে যাতায়াতৰ নামত নৰক যন্ত্ৰনা ভোগ কৰি আহিছে। গঞা ৰাইজৰ বেমাৰ আজাৰ হলে এম্বুলেন্স এখন আহিব নোৱাৰে। ৰাইজে দলংখনৰ দুয়ো ফালে বাহৰ চাং পাতি অহা যোৱা কৰিছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে চাইকেল চলাই যাব নোৱাৰে। বিষখোৱাৰ ৰাইজে দলংখন মেৰামতি কৰি নাইবা নতুনকৈ দলং নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande