ভুৰাগাঁও আৰক্ষীৰ বৃহৎ সফলতা, চুৰি হোৱা গাড়ী, বাইক আৰু টায়াৰ উদ্ধাৰ
নগাঁও, ১৭ জুন (হি.স.)। ভুৰাগাঁও আৰক্ষীৰ বৃহৎ সফলতা: চুৰি হোৱা গাড়ী, বাইক আৰু টায়াৰ উদ্ধাৰ |বহুদিন ধৰি অঞ্চলটোত চুৰি-চামাৰীৰ ঘটনাই সাধাৰণ লোকৰ মাজত উদ্বেগৰ সৃষ্টি কৰি আহিছিল। অৱশেষত ভুৰাগাঁও আৰক্ষীয়ে এক বিশেষ অভিযান চলাই উল্লেখযোগ্য সফলতা লাভ কৰে
ভুৰাগাঁও আৰক্ষীৰ বৃহৎ সফলতা, চুৰি হোৱা গাড়ী, বাইক আৰু টায়াৰ উদ্ধাৰ


নগাঁও, ১৭ জুন (হি.স.)। ভুৰাগাঁও আৰক্ষীৰ বৃহৎ সফলতা: চুৰি হোৱা গাড়ী, বাইক আৰু টায়াৰ উদ্ধাৰ |বহুদিন ধৰি অঞ্চলটোত চুৰি-চামাৰীৰ ঘটনাই সাধাৰণ লোকৰ মাজত উদ্বেগৰ সৃষ্টি কৰি আহিছিল। অৱশেষত ভুৰাগাঁও আৰক্ষীয়ে এক বিশেষ অভিযান চলাই উল্লেখযোগ্য সফলতা লাভ কৰে |

ভুৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বাল বনিকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই চুৰি হোৱা বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা সামগ্ৰীৰ ভিতৰত আছে এখন চাৰিচকীয়া বাহন, এখন মটৰচাইকেল আৰু কেইবাটাও গাড়ীৰ টায়াৰ।আৰক্ষী সূত্ৰে জনোৱা মতে, অঞ্চলটোত সংঘটিত কেইবাটাও চুৰিকাণ্ডৰ তদন্তৰ অংশ হিচাপে আজি ৰাতি ৩ বজাৰ পৰা এই অভিযান চলোৱা হৈছিল। অভিযানৰ শেষত দুজন চৰক আটক কৰে | লগতে অভিযানকালত আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত বিভিন্ন ঠাইত তালাচী চলাই চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰে।এই সফলতাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে ভুৰাগাঁও আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে। একে সময়তে, চুৰি চক্ৰৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande