
বৰপেটা,১৭ জুন (হি.স.)। অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ নতুন ৰূপ |
প্ৰকৃতিক চিকিৎসকৰ ৰূপত অধ্যক্ষ ৰণজিৎ কুমাৰ দাস |
ৰাইজৰ প্ৰতি আগবঢ়ালে 'বিধান'--
'বাৰ্ধক্যক জয় কৰাৰ বাবে প্ৰতিদিনে তুলসী খাওক' |
প্ৰতি মাহে এটাকৈ তুলসী পাত বঢ়াই গৈ থাকি প্ৰতিদিনে পুৱা তুলসীৰ পাত চোবালে মানুহৰ জীৱনলৈ কেতিয়াও বাৰ্ধক্য নাহে |
বৰপেটাত ভাৰতীয় জনতা পার্টিৰ বৰপেটা জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্রৰ সহযোগত প্রাকৃতিক আৰু জৈৱিক খেতিৰ ওপৰত জিলা ভিত্তিত অনুস্থিত কৃষক কর্মশালা এখনত অংশ লৈ মানুহক তুলসী পাত খাবলৈ পৰামৰ্শ আগবঢ়ায় |
বিধান সভাৰ অধ্যক্ষগৰাকীয়ে কৃষক কৰ্মশালাত অংশ লৈ কলে- প্ৰতিগৰাকী কৃষকক আগবঢ়াই নিয়াৰ বাবে নিৰলস প্ৰক্ৰিয়া চলি আছে | ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তুলিব লাগিব |
ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে কৃষকে গুণগত উৎপাদন বঢ়াব লাগিব, উদ্যোগী সকলে ঔদ্যোগীকৰণ কৰিব লাগিব, চিকিৎসকে চিকিৎসাৰ মান উন্নত কৰিব লাগিব |
ভাৰতবৰ্ষক ২০৪৭ বৰ্ষৰ ভিতৰত আত্মনিৰ্ভৰ কৰাৰ সংকল্পৰে সমগ্ৰ ভাৰততে এনে কৰ্মশালাৰ আয়োজন চলি আছে |
অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কলে- অসমৰ কৃষি আৰু কৃষকক আগবঢ়াই নিব নোৱাৰিলে অসমখনক আগুৱাই নিব পৰা নাযাব |
কৃষিৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহন কৰা আচনি সম্পৰ্কতো মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে |
আনকি ভাৰতে এতিয়া লোকেল ফৰ ভোকেলৰ জৰিয়তে বিশ্বৰ অস্ত্ৰৰ বজাৰখনতো আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে |
ভাৰত খোৱাতেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হবৰ বাবে সৰিয়হৰ খেতি কৰাৰ পৰামৰ্শ দিয়ে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে |
প্ৰতিগৰাকী কৃষকক তিনিটা নহ'লেও বছৰত দুটা খেতি কৰাৰ পৰামৰ্শ আগবঢ়ায় |
এইক্ষেত্ৰত চৰকাৰে বিভিন্ন আচনিৰ জৰিয়তে ট্ৰেক্টৰ পাৱাৰটিলাৰ, ধান চপোৱা মেচিন আদি যোগান দিয়াৰ কথাও উল্লেখ কৰে |
এইক্ষেত্ৰত তেওঁ উজনিৰ খেতিয়ক সকলক এই সুবিধা সমুহ লবলৈ আহ্বান জনায় |
আমাক চাহো লাগিব, ধানো লাগিব |চাহৰ সমান্তৰালভাবে ধান খেতি কৰিবলৈ উজনিৰ অসমীয়া খেতিয়কলৈ আহ্বান ৰণজিৎ কুমাৰ দাসৰ |
আনহাতে খেতিত অত্যধিক সাৰ, কীটনাশক আদি ব্যৱহাৰৰ পৰিৱৰ্তে জৈৱিক খেতি কৰিবলৈ আহ্বান জনায় |
বিশেষকৈ সকলো পৰিয়ালক নিজৰ প্ৰয়োজনীয় পাচলিৰ খেতি কৰাৰ আহ্বান জনায় |
আত্মনিৰ্ভৰ হোৱাৰ লক্ষৰে কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে অত্যধিক সাৰ প্ৰয়োগ দেশদ্ৰোহিতা বুলিও অভিহিত কৰে ৰণজিৎ কুমাৰ দাসে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা