
–শোণিতপুৰ জিলাৰ পাঁচটা শাখাৰ প্ৰতিযোগীৰ অংশগ্ৰহণ
–কবিতা আবৃত্তিৰে জীপাল ৰঙাপৰা মহাবিদ্যালয়
শোণিতপুৰ, ১৭ জুন (হি.স.)। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, শোণিতপুৰ জিলাৰ “আবৃত্তিৰ মহাৰণ“ আবৃত্তি প্ৰতিযোগিতাখনি যোৱা কালি ৰঙাপৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানটিত “অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ “শোণিতপুৰ জিলাৰ সভাপতি ড° অশ্বিনীকুমাৰ ডেকা আৰু উপ সভাপতি ভূপেন শৰ্মাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু লুইতকণ্ঠ জুবিন গাৰ্গ দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৷
“অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ“ৰ সম্পাদক অৰ্চনা দাসে আঁত ধৰি আগবঢ়াই নিয়া অনুষ্ঠানটিৰ মঞ্চ উদ্বোধন কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাদেৱৰ হৈ শৈক্ষিক ডীন প্ৰশান্ত বড়োৱে ৷ অধ্যক্ষ মহোদয়ে প্ৰেৰণ কৰা ভাষণ ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যাপক তথা “অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ“ৰ সভাপতি ড° অশ্বিনীকুমাৰ ডেকাই পাঠ কৰি কয় যে আজিৰ এই অনুষ্ঠান কেৱল এখন প্ৰতিযোগিতা নহয় ই হৈছে ভাষা, সাহিত্য, সংস্কৃতি আৰু সৃজনশীল বাচিক শিল্পৰ এক মহামিলন ৷ বিশেষকৈ অসমৰ আবৃত্তি আন্দোলনৰ অন্যতম অগ্ৰণী সংগঠন অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে বিশ্ববন্দিত শিল্পী, কবি, সংগীতজ্ঞ আৰু সংস্কৃতিৰ দূত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা ৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এই অনুষ্ঠান আয়োজন কৰা এক অত্যন্ত প্ৰশংসনীয় আৰু সময়োপযোগী পদক্ষেপ ।
অনুষ্ঠানটিত চাৰিদুৱাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা অতিথি আৰু প্ৰতিযোগী সকলক ১০০ টি গছপুলি প্ৰদান কৰে । প্ৰৱীণ গীতিকাৰ বংকিম শৰ্মাই সঞ্চালনা কৰা আবৃত্তি প্ৰতিযোগিতাখনিত বিচাৰকৰ আসনত জিলাখনৰ কবিতা, আবৃত্তি,নাটৰ অভিনয়, পৰিচালনাৰ সৈতে জৰিত চাৰিগৰাকী বিশিষ্ট ব্যক্তি ভূপেন শৰ্মা, ষড়ানন দেৱনাথ, ৰাতুল দাস আৰু ৰুৱী বৰা ছাঁত্ৰাই ৷ প্ৰতিযোগিতাখনিত প্ৰবীণ শাখাত যোগদান কৰি অনুষ্ঠানটিৰ গাম্ভীৰ্যতা বৃদ্ধি কৰে ঢেকীয়াজুলিৰ বিশিষ্ট সমাজ সেৱক, অভিনেতা আবৃত্তিকাৰ কৰুণাদত্ত বৰা, জামুগুৰি আৰু তেজপুৰৰ প্ৰবীণ আবৃত্তিকাৰ ক্ৰমে দিলীপ কুমাৰ বৰুৱা আৰু দ্বীপেন মহন্ত, কিৰন শৰ্মা বৰুৱা, ৰশ্মিৰেখা হাজৰিকা আৰু দিব্যজ্যোতি দাসে ৷
শোণিতপুৰ জিলাৰ অন্তৰ্গত ৫ টা শাখাৰ লগতে ঢেকীয়াজুলি শাখাৰ সভাপতি সুজিত কটকী, সম্পাদক ৰীতা দাস বৰদলৈ, জামুগুৰি শাখাৰ সভাপতি বাবলু হাজৰিকা সম্পাদক অনুপম বৰুৱা, তেজপুৰ সদৰ শাখাৰ সভাপতি প্ৰহলাদ তালুকদাৰ, সম্পাদক ৰুমী দেৱী চেতিয়া, ৰঙাপৰা শাখাৰ সভাপতি বুধিন্দ্ৰ বৈশ্য, সম্পাদক কমলা বেগম, বালিপৰা শাখাৰ সভাপতি, সম্পাদক ক্ৰমে উপেন কোঁৱৰ আৰু ৰিতুপৰ্ণ চক্ৰৱৰ্তী দেৱক সম্বৰ্দ্ধনাজ্ঞাপন কৰা হয়। সৰ্বমুঠ ৯৭ গৰাকী আবৃত্তিকাৰে অংশগ্ৰহণ কৰা আবৃত্তি প্ৰতিযোগিতাখনিত গজালি, কিশলয়, জোনাকী, ৰামধেনু, মুকলি, প্ৰবীণ, প্ৰশিক্ষক শাখাকে আদি কৰি মুঠ ৭ টা শাখাৰ পৰা মুঠ ২১ জন প্ৰতিযোগী ৰাজ্যিক পৰ্যায়ত হ’বলগীয়া প্ৰতিযোগিতালৈ নিৰ্বাচিত হয় ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ