
নগাঁও, ১৭ জুন (হি.স.)। নগাঁৱৰ ৰাঙলুত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । নিশা প্ৰায় একমান বজাত লংকাৰ পৰা নগাঁও অভিমূখী এ এছ ৩১ চি ১০৩২ নম্বৰৰ সোল্ল চকাৰ এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ৰাঙলুৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ আণ্ডাৰ পাছৰ ওপৰৰ মেইন হোলত পচণ্ড জোৰেৰে খুন্দা মাৰে ।
ফলত গাড়ীখন মেইন হোলত উলমি পৰে ৷ এই দুৰ্ঘটনাত গাড়ীখনৰ যথেষ্ট ক্ষয়ক্ষতি হোৱাৰ লগতে চালক হেণ্ডিমেন দুয়োজনেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ৰাঙলুৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ চালক হেণ্ডিমেন দুয়োজনকে চিকিৎসাৰ ব্যৱস্থা কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু