
ডিব্ৰুগড়, ১৭ জুন (হি.স.)। নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া হাহাকাৰ অৱস্থা ডিব্ৰুগড়ত। এজাক বৰষুণতেই ডিব্ৰুগড় চহৰত সৃষ্টি হৈছে তীব্ৰ কৃত্ৰিম বানপানীৰ। যাৰ ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে সাধাৰণ ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰ মহানগৰ মূল পথ, মানকতা পথ, শান্তিপাৰ পথ আদিকে ধৰি চহৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ এতিয়া একপ্ৰকাৰ নদী সদৃশ পৰিৱেশলৈ ৰূপান্তৰিত হৈছে।
যাৰ বুকুত এতিয়া স্তব্ধ হৈ পৰিছে যান-বাহনৰ গতি।এই কৃত্ৰিম বানৰ ফলত প্ৰভাৱ পৰিছে স্কুল-কলেজৰ শিক্ষাৰ্থীসকলৰ ওপৰত। কিতাপৰ বেগ পিঠিত লৈ, স্কুলীয়া পোছাক পিন্ধি একাঠু পানী ফালি শিক্ষানুষ্ঠানলৈ যাবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল। সময়মতে স্কুল-কলেজত উপস্থিত হোৱাৰ ক্ষেত্ৰত এই কৃত্ৰিম বানপানী এতিয়া ডাঙৰ হেঙাৰ হৈ থিয় দিছে।প্ৰতিবছৰে এজাক বৰষুণ হ’লেই ডিব্ৰুগড়বাসীয়ে ভোগ কৰিবলগীয়া হোৱা এই যন্ত্ৰণাৰ পৰা কেতিয়া মুক্তি পাব? ইয়াৰ কোনো স্থায়ী সমাধান ওলাবনে? এয়া এতিয়া এক ডাঙৰ প্ৰশ্ন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ