বদোদৰা পথ দুৰ্ঘটনাক লৈ অমিত শ্বাহৰ শোক প্ৰকাশ
নতুন দিল্লী, ১৭ জুন (হি.স.)। গুজৰাটৰ বদোদৰাত সংঘটিত পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে। তেওঁ শোক প্ৰকাশ কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে। আহতসকলক চিকিৎসাৰ লগতে সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ স্থানীয়
केंद्रीय गृह मंत्री अमित शाह (फाइल फोटो)।


নতুন দিল্লী, ১৭ জুন (হি.স.)। গুজৰাটৰ বদোদৰাত সংঘটিত পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে। তেওঁ শোক প্ৰকাশ কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে। আহতসকলক চিকিৎসাৰ লগতে সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিয়ে।

অমিত শ্বাহে বুধবাৰে এক্সত পোষ্ট কৰি কয় যে গুজৰাটৰ বডোদৰা-জাৰোদ পথত সংঘটিত হোৱা দুৰ্ঘটনাটো অত্যন্ত মৰ্মান্তিক। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই দুৰ্ঘটনাত আপোনজনক হেৰুৱাই পেলোৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

গৃহমন্ত্ৰীয়ে স্থানীয় প্ৰশাসনক চিকিৎসাৰ সুবিধা প্ৰদানৰ নিৰ্দেশ দি আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

উল্লেখযোগ্য যে বুধবাৰে পুৱা গুজৰাটৰ বদোদৰাত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন লোক নিহত হোৱাৰ লগতে ২৬ জন আহত হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande