
শোণিতপুৰ, ১৭ জুন (হি.স.)। সুন্দৰৰ পুজাৰী, গীতিকাৰ, সুৰকাৰ, অসমীয়া চলচিত্ৰৰ জনক ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ আজি ১২৪ সংখ্যক ওপজা দিৱস৷ ১৯০৩ চনত জন্মগ্ৰহণ কৰা এইগৰাকী ৰূপকাৰক আজি সুঁৱৰিলে ৰাজ্যবাসীৰ লগতে ক্ষণজন্মা শিল্পীজনৰ সাধনা আৰু সৃস্টিৰ থলী তেজপুৰত বিভিন্ন অনুষ্ঠান আৰু নতুন প্ৰজন্মৰ শিল্পী সকলে গীতে মাতে৷ এয়া তেজপুৰৰ অন্যতম প্ৰতিষ্ঠান প্ৰহ্লাদ চন্দ্ৰ দাস নৃত্যশালাৰ ন শিকাৰু সকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ ৰূপকোঁৱৰৰ গীতৰ আধাৰত নৃত্য পৰিবেশনৰে জনালে এইদৰেই শ্ৰদ্ধাঞ্জলি শিল্পীজনলৈ৷
ৰূপকোঁৱৰেই কৈছিল“ শিল্পী মই তিনিও কালৰ,
অতীতৰ, বৰ্তমানৰ আৰু অনাগত ভৱিষ্যৰ“
হয়৷
এইদৰেই এটা প্ৰজন্মৰ পৰা আনএটা প্ৰজন্মলৈ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনালে গীতে মাতে৷
এয়া তেজপুৰ সাহিত্য সভাৰ দৃশ্য৷ সাহিত্য সভাৰ সন্মুখত থকা ত্ৰিমুৰ্তিত বন্তী প্ৰজ্বলন কৰি মুকলি কৰে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যিক ভুপেন শইকীয়াই৷ সমৱেত সংগীত পৰিবেশন কৰে সদস্য সকলে৷ বহুকেইজন নতুন প্ৰজন্মৰ শিল্পীয়ে গীত পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে৷
নৃত্যশালা
অনুষ্ঠানত অংশ লয় তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই৷ কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই উল্লেখ কৰিলে, কলাগুৰুতকৈ জ্যোতিপ্ৰসাদ আগৰৱালা বয়সত সৰু আছিল যদিও দুয়ো একেলগে সংগীত, নাটক, গীতৰ চৰ্চা কৰিছিল৷ কিন্তু জ্যোতিপ্ৰসাদৰ পৈতৃক গৃহ তথা বৰ্তমান সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয় পকী ত জ্যোতি প্ৰসাদ, বিষ্ণু প্ৰসাদ ৰাভা,ফণী শৰ্মা প্ৰমুখ্যে যি সকল পুৰোধাৰ সৃস্টিৰাজি বা সামগ্ৰী আছে সেই সমুহ সঠিক সংৰক্ষণৰ অভাৱত নস্ট হব ধৰিছে৷ এইসমুহ যদি এতিয়াই বৈজ্ঞানিক ভাৱে সংৰক্ষণ নহয় এদিন জহি খহি হেৰাই যাব৷ এওলোকৰ পোচাক সমুহ ইতিমধ্যে উৱলি গৈছেই৷ একেদৰে লেখনি সমুহো এনেদৰেই কাঠৰ আলমিৰাত পৰি ৰৈছে৷ বিশেষ দিনটোত পৃথ্বীৰাজ ৰাভাই পুনৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই কয়, তেজপুৰত এই আপুৰুগীয়া সম্পদ সমুহ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিবলৈ এতি বিজ্ঞান সন্মত ব্যৱস্থা গ্ৰহণ কৰক৷ অন্যথা এদিন হেৰাই যাব এইসমুহ সৃস্টিৰাজি৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা