
বৰপেটা, ১৬ জুন (হি.স.)। বৰপেটা জিলাৰ বাঘবৰত কিশোৰীৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ অভিযোগত তিনি কিশোৰ আটক কৰা হৈছে । সোমবাৰে বৰপেটাৰ বাঘবৰৰ ২ নং চাছৰা গাঁৱত সংঘটিত হৈছিল এজনী ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ লোমহৰ্ষক ঘটনা |
আৰক্ষীৰ ওচৰত তিনি কিশোৰে স্বীকাৰ কৰা মতে- তিনি কিশোৰে মিলি বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা কিশোৰীজনীক মৰাপাট খেতিৰ মাজলৈ নি অতি নিৰ্দয়ভাবে ধৰ্ষণ কৰি হত্যা কৰিছিল।
বিদ্যালয়লৈ যোৱা কিশোৰাগৰাকী ঘৰলৈ উভতি অহা নাছিল । পিচত নিশাৰ ভাগত পৰিয়ালৰ লোকে মৰাপাট খেতিৰ মাজত কিশোৰীগৰাকীৰ ৰক্তাক্ত শৰীৰ উদ্ধাৰ কৰিছিল।
এই ঘটনাৰ পিচতে নিশাৰ ভাগতে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, উপ আৰক্ষী অধীক্ষক ভাৰ্গিছ কুমাৰ ডেকাৰ নেতৃত্বত আৰক্ষীয়ে তদন্ত চলাই কিশোৰীগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ সৈতে জৰিত তিনি কিশোৰক আটক কৰে আৰক্ষীয়ে।
জানিব পৰামতে, তিনি অভিযুক্তৰ ভিতৰত এটা অভিযুক্তৰ ভূক্তভোগী কিশোৰী গৰাকী মোমায়েকৰ কন্যা । জানিব পৰামতে, সোমবাৰে কিশোৰীগৰাকীৰ গা বেয়া লগা বাবে আধাতে বিদ্যালয় সামৰি ঘৰলৈ উভতি আহিছিল কিশোৰীগৰাকী।
জনবসতি নথকা তথা মৰাপাট খেতিৰ কাষেৰে কিশোৰীগৰাকীয়ে অকলশৰে ঘৰলৈ আহি থকা অৱস্থাত তিনি অভিযুক্তই কিশোৰীগৰাকীক মৰাপাট খেতিৰ মাজলৈ নি অতি পাশৱিক ভাবে ধৰ্ষণ কৰি পিচত কিশোৰীজনীৰ স্কুল ইউনিফৰ্মেৰে ডিঙিত ফাচ লগাই হত্যা কৰে।
প্ৰাৰম্ভিক অৱস্থাত কিশোৰীগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ সৈতে কোন জৰিত থাকিব পাৰে তাৰ কোনো সুংসূত্ৰ উলিয়াব পৰা নাছিল আৰক্ষীয়ে | অৱশ্যে বহু অনুসন্ধানৰ পিচত আৰক্ষীয়ে তিনি কোশোৰক আটক কৰি সোধপোচ কৰাৰ পিচতেই ঘটনাটোৰ বিষয়ে আৰক্ষীৰ আগত সকলো কথা স্বীকাৰ কৰে।
জীৱন কি বুজি নুঠোতেই এটি ১০ বছৰীয়া কিশোৰীয়ে এইদৰে ধৰ্ষিতা হৈ মৃত্যুক সাৱটিবলগীয়া ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে । আনহাতে তিনি কিশোৰে মিলি এনে বৰ্বৰ হত্যাৰ ঘটনা সংঘটিত কৰা কথাই সামাজিক অপৰাধৰ ভয়ানক ছবি এখন তুলি ধৰিছে ।
এই ঘটনাৰে জৰিত অপৰাধীক ২৪ ঘন্টাৰ ভিতৰত এনকাউন্টাৰৰ দাবী কৰিছিল স্থানীয় লোকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী