মহিলাৰ টি-২০ বিশ্বকাপঃ ভাৰতৰ বিৰুদ্ধে খেলত লেহেমীয়া অভাৰ ৰেটৰ বাবে পাকিস্তান দলৰ জৰিমনা
বাৰ্মিংহাম, ১৬ জুন (হি.স.)। মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেলত নিৰ্ধাৰিত সময়ত বলিং কৰিব নোৱাৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) পাকিস্তান দলটোক জৰিমনা বিহিছে। ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ এ মেচত লেহেমীয়া
भारत और पाकिस्तान के बीच मैच का दृश्य


বাৰ্মিংহাম, ১৬ জুন (হি.স.)। মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেলত নিৰ্ধাৰিত সময়ত বলিং কৰিব নোৱাৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) পাকিস্তান দলটোক জৰিমনা বিহিছে।

ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ এ মেচত লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে পাকিস্তানৰ খেলুৱৈৰ মেচ মাচুলৰ ৫ শতাংশ কৰ্তনৰ সিদ্ধান্ত লৈছে আইচিচিয়ে। এমিৰেটছ আইচিচিৰ আন্তঃৰাষ্ট্ৰীয় মেচ ৰেফাৰী পেনেলৰ সদস্য ট্ৰুডি এণ্ডাৰছনে এই শাস্তি প্ৰদান কৰে। সকলো টাইম এলাৱেন্সৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তান লক্ষ্যৰ পৰা এক অভাৰ কম হোৱা দেখা গ’ল।

আইচিচিৰ খেলুৱৈ আৰু সহায়ক কৰ্মীৰ আচৰণ বিধিৰ ২.২২ নং অনুচ্ছেদ অনুসৰি নূন্যতম অভাৰ ৰেটৰ নিয়মতকৈ কম বল কৰা প্ৰতিটো অভাৰৰ বাবে খেলুৱৈক তেওঁলোকৰ মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা বিহা হয়।

পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাই নিজৰ ভুল স্বীকাৰ কৰি প্ৰস্তাৱিত অনুমোদন মানি লৈ আনুষ্ঠানিক শুনানিৰ প্ৰয়োজনীয়তা নাইকিয়া হয়।

এই অভিযোগ উত্থাপন কৰিছে অন-ফিল্ড আম্পায়াৰ ক্লেয়াৰ প’ল’ছাক আৰু জেকলিন উইলিয়ামছ, তৃতীয় আম্পায়াৰ এল’ইছ শ্বেৰিডান আৰু চতুৰ্থ আম্পায়াৰ ছ্যু ৰেডফাৰ্নে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande