
- ক্ৰিকেটৰ এই দুগৰাকী খেলুৱৈহে তালিকাত অন্তৰ্ভুক্ত
নতুন দিল্লী, ১৬ জুন (হি.স.)। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা বেটছমেন স্মৃতি মান্ধনা আৰু দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমা ২০২৬ বৰ্ষৰ বাবে বিশ্ববিখ্যাত টাইম আলোচনীৰ ক্ৰীড়াৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তি তালিকাত অন্তৰ্ভুক্ত হৈছে। দুয়োজনেই এই তালিকাত অন্তৰ্ভুক্ত একমাত্ৰ ক্ৰিকেটাৰ।
এই তালিকাত বাস্কেটবল, ফুটবল, টেনিছ, গলফৰ কিংবদন্তিকে ধৰি বিশ্বৰ বহু আগশাৰীৰ খেলুৱৈও অন্তৰ্ভুক্ত কৰা হৈছে। মান্ধনা আৰু বাভুমাক আলোচনীখনে টাইটানছ শিতানত অন্তৰ্ভুক্ত কৰিছে। স্মৃতি মান্ধনাৰ সন্দৰ্ভত টাইম আলোচনীয়ে লিখিছে যে এইগৰাকী ভাৰতীয় মহিলা ক্ৰিকেট বেটছমেনে অহৰহ নতুন অভিলেখ গঢ়ি তুলিছে। ঘৰুৱা এদিনীয়া ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ।
আলোচনীখনে প্ৰকাশ কৰা অনুসৰি মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতকৰ যৌথ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে মান্ধনা আৰু কেলেণ্ডাৰ বছৰত এহেজাৰতকৈ অধিক এদিনীয়া ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। দলীয় সাফল্যতো মান্ধনাই উল্লেখযোগ্য সফলতা লাভ কৰিছে। তেওঁৰ অধিনায়কত্বৰ অধীনত ২০২৪ আৰু ২০২৬ চনৰ মহিলা প্ৰিমিয়াৰ লীগ খিতাপ দখল কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে। যোৱা বছৰ মহিলা বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ ভাইচ অধিনায়ক হিচাপেও আছিল তেওঁ।
২০২৪ চনত মহিলা ক্ৰিকেটত এটা কেলেণ্ডাৰ বছৰত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় দৌৰৰ অভিলেখ গঢ়িছিল আৰু পিছৰ বছৰত সেই অভিলেখ উন্নত কৰিছিল। এই প্ৰদৰ্শনৰ বাবে ২০২৫ চনৰ বিবিচি ইণ্ডিয়ান স্প’ৰ্টছ উইমেন অৱ দ্য ইয়েৰ বঁটাও লাভ কৰে। বৰ্তমান ইংলেণ্ডত অনুষ্ঠিত হৈ থকা মহিলা টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰি আছে, য’ত তেওঁ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ত ৪৪ বলত ৬৮ ৰানৰ মেচ বিজয়ী ইনিংছ খেলিছিল।
আনহাতে টাইম আলোচনীয়ে নিজৰ খেলেৰে দেশখনত এক নতুন পৰিচয় সৃষ্টি কৰা দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাৰ বিষয়ে লিখিছিল। ২০১৬ চনত তেওঁ টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰা প্ৰথমজন কৃষ্ণাংগ দক্ষিণ আফ্ৰিকান বেটছমেন হিচাপে পৰিগণিত হয় আৰু ২০২১ চনত তেওঁ দেশৰ প্ৰথমজন কৃষ্ণাংগ অধিনায়ক হিচাপে পৰিগণিত হয়। যোৱা বছৰ তেওঁৰ অধিনায়কত্বত দক্ষিণ আফ্ৰিকাই ভাৰতত এখন ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰিছিল আৰু তাৰ পাছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত জয়লাভ কৰিছিল। ফাইনেলত আঘাতৰ সন্মুখীন হোৱাৰ পাছতো বাভুমাৰ ৬৬ ৰানৰ ইনিংছ দলৰ জয়ত নিৰ্ণায়ক বুলি প্ৰমাণিত হয়। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত জয়লাভ কৰাৰ পিছত বাভুমাই কয় যে তেওঁৰ এই কৃতিত্ব সমগ্ৰ দেশৰ বাবে প্ৰেৰণা হওক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া