শ্ৰীলংকা ত্ৰিকোণীয় শৃংখলাঃ আঘাতপ্ৰাপ্ত যুধবীৰ সিঙৰ ঠাইত ভাৰতৰ ‘এ’ দলত অন্তৰ্ভুক্ত অশোক শৰ্মা
নতুন দিল্লী, ১৬ জুন (হি.স.)। শ্ৰীলংকাত চলি থকা ত্ৰিকোণীয় শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ পুৰুষৰ বাছনি সমিতিয়ে ইণ্ডিয়া ‘এ’ দলত অন্তৰ্ভুক্ত কৰিছে বেগী বলাৰ অশোক শৰ্মাক। তেওঁ আহত যুধবীৰ সিঙৰ ঠাইত দললৈ আহিব। বিচিচিআইৰ তথ্য
भारतीय तेज गेंदबाज अशोक शर्मा


নতুন দিল্লী, ১৬ জুন (হি.স.)। শ্ৰীলংকাত চলি থকা ত্ৰিকোণীয় শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ পুৰুষৰ বাছনি সমিতিয়ে ইণ্ডিয়া ‘এ’ দলত অন্তৰ্ভুক্ত কৰিছে বেগী বলাৰ অশোক শৰ্মাক। তেওঁ আহত যুধবীৰ সিঙৰ ঠাইত দললৈ আহিব।

বিচিচিআইৰ তথ্য অনুসৰি যোৱা ১৩ জুনত বলিং কৰাৰ সময়ত যুধবীৰ সিঙে সোঁ কান্ধত অস্বস্তিৰ সন্মুখীন হৈছিল। ইয়াৰ পূৰ্বেও ১১ জুনত ফিল্ডিং চেচনৰ সময়ত তেওঁ একেধৰণৰ অস্বস্তিৰ সন্মুখীন হৈছিল।

বিচিচিআইৰ চিকিৎসা দলে বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কৰি যুধবীৰক পৰীক্ষা কৰি সোঁ কান্ধত ৰ’টেটৰ কফৰ আঘাত পোৱা বুলি জানিব পৰা গৈছে। চিকিৎসাৰ পৰামৰ্শ অনুসৰি এতিয়া তেওঁ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ৰ তত্বাৱধানত পৰ্যায়ক্ৰমে পুনৰ্বাসন কাৰ্যসূচী গ্ৰহণ কৰি সম্পূৰ্ণ ফিটনেছ লাভ কৰিব।

যুধবীৰৰ অনুপস্থিতিত অশোক শৰ্মাক দলত অন্তৰ্ভুক্ত কৰা হৈছে আৰু আগন্তুক মেচসমূহত ভাৰতৰ ‘এ’ দলৰ অংশ হ’ব।

শ্ৰীলংকাৰ ত্ৰিকোণীয় শৃংখলাৰ বাবে ভাৰত ‘এ’ দল (সংশোধিত)

তিলক বৰ্মা (অধিনায়ক), ৰুতুৰাজ গাইকোৱাদ (উপ অধিনায়ক), প্ৰিয়ংশ আৰ্য্য, বৈভৱ সূৰ্যবংশী, আয়ুষ বদোনি, নিশান্ত সিন্ধু, সূৰ্য্যংশ শ্বেডেজ, প্ৰভসিমৰণ সিং (উইকেটকীপাৰ), কুমাৰ কুশাগ্ৰা (উইকেটকীপাৰ), বিপ্ৰজ নিগম, যশ ঠাকুৰ, অংশুল কম্বোজ, আৰ্শদ খান, অনুকুল ৰয়, অশোক শৰ্মা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande