সোণাপুৰৰ অসম ডনবস্কো বিশ্ববিদ্যালয়ত অধ্যাপকৰ দ্বাৰা ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা
গুৱাহাটী, ১৬ জুন (হি.স.)। প্ৰসংগ:সোণাপুৰৰ অসম ডনবস্কো বিশ্ববিদ্যালয়ত ছাত্ৰীক অধ্যাপকৰ দ্বাৰা যৌন নিৰ্যাতনৰ ঘটনা। শিক্ষাৰ্থীৰ প্ৰৱল প্ৰতিবাদত অৱশেষত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰ্খাস্ত কৰিলে ড০ সৌৰভ চন্দ্ৰক (HOD public Administration)। স্নাতক দ্বিতী
প্ৰসংগ:সোণাপুৰৰ অসম ডনবস্কো বিশ্ববিদ্যালয়ত ছাত্ৰীক অধ্যাপকৰ দ্বাৰা যৌন নিৰ্যাতনৰ ঘটনা।


প্ৰসংগ:সোণাপুৰৰ অসম ডনবস্কো বিশ্ববিদ্যালয়ত ছাত্ৰীক অধ্যাপকৰ দ্বাৰা যৌন নিৰ্যাতনৰ ঘটনা।


গুৱাহাটী, ১৬ জুন (হি.স.)। প্ৰসংগ:সোণাপুৰৰ অসম ডনবস্কো বিশ্ববিদ্যালয়ত ছাত্ৰীক অধ্যাপকৰ দ্বাৰা যৌন নিৰ্যাতনৰ ঘটনা। শিক্ষাৰ্থীৰ প্ৰৱল প্ৰতিবাদত অৱশেষত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰ্খাস্ত কৰিলে ড০ সৌৰভ চন্দ্ৰক (HOD public Administration)। স্নাতক দ্বিতীয় বৰ্ষত অধ্যয়নৰত অৰুণাচলৰ এগৰাকী ছাত্ৰীক নিজ কোঠাতে যৌন আতিশয্যৰ অভিযোগ তুলি কালিৰে পৰা প্ৰতিবাদমুখৰ হৈ আছিল বিশ্ববিদ্যালয় চৌহদ।

অৱশেষত আজি অভিযুক্ত অধ্যাপক গৰাকীৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষীক অৰুণাচল ছাত্ৰ সন্থাৰ গুৱাহাটী স্থিত সভাপতি গৰাকীৰ নেতৃত্বত এটা দলে এজাহাৰ দাখিল কৰা পাছতেই অধ্যাপক গৰাকীক নিলম্বন কৰে ডনবস্কো বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই। পূৰ্বেও এইগৰাকী অধ্যাপকে আন ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ।

ইতিমধ্যে ডনবস্কো বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হৈ প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লিখিত প্ৰতিশ্ৰুতিও প্ৰদান কৰে।

সমগ্ৰ বিষয় সন্দৰ্ভত সোণাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande