হোজাইৰ নীলবাগানত বন বিভাগৰ অভিযান
হোজাইৰ নীলবাগানত বন বিভাগৰ অভিযান।
হোজাইৰ নীলবাগানত বন বিভাগৰ অভিযান


হোজাই, ১৬ জুন (হি.স.): হোজাইৰ নীলবাগানত যোৱা কালি সোমবাৰে বিয়লি বন বিভাগৰ অভিযান চলে । অভিযানত জব্দ কৰা হয় এখন অগৰুভৰ্তি ট্ৰাক ।

উজনিৰ পৰা হোজাইলৈ আহি থকাৰ সময়ত বন বিভাগে জব্দ কৰে অগৰু ভৰ্তি ট্ৰাকখন । জব্দকৃত ট্ৰাক খনৰ নম্বৰ এএছ ০১ পিচি ৪৮০৫ বুলি জানিব পৰা গৈছে। জব্দকৃত অগৰু খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি টকাৰো অধিক হ’ব বুলি কোৱা হৈছে । ঘটনা সন্দৰ্ভত বন বিভাগে অগৰু ভৰ্তি ট্ৰাকখন কাৰ্য্যালয়ত ৰাখি তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande