শুৱালকুছিত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰীৰ বিভাগৰ তীব্ৰ অভিযান
শুৱালকুছিত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰীৰ বিভাগৰ তীব্ৰ অভিযান।
শুৱালকুছিত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰীৰ বিভাগৰ তীব্ৰ অভিযান


কামৰূপ, ১৬ জুন (হি.স.): বস্ত্ৰ নগৰী শুৱালকুছিত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে যোৱা কালি সোমবাৰে নিশা আবকাৰীৰ বিভাগৰ তীব্ৰ অভিযান চলে । অভিযানত বৃহৎ পৰিমানৰ সুৰাৰ সৈতে মিঠুন মড়ল নামৰ অবৈধ সুৰা ব্যৱসায়ীক আটক কৰা হয় ।

শুৱালকুছি মূল প্ৰৱেশদ্বাৰৰ সমুখত যোৱা কিছুদিন ধৰি গঢ় লৈ উঠিছে কেইবাখনো অবৈধ বিলাতী সুৰাৰ দোকান । দৈনিক পুৱা পৰা নিশালৈকে অঞ্চলটোত মুকলি ভাৱে চলাই আছিল দেশী বিদেশী সুৰা ৰমৰমীয়া বেপাৰ । যাৰ পৰিণতিত অঞ্চলটোত সংঘটিত হৈছিল বিভিন্নধৰণৰ অপৰাধমূলক ঘটনা । যাৰবাবে এই অবৈধ সুৰা ব্যৱসায়ী বিৰুদ্ধে নিশা অভিযান চলালে শুৱালকুছি আৰক্ষীৰ সহযোগত কামৰূপ আবকাৰী বিভাগে ।

কামৰূপৰ আবকাৰী বিভাগৰ উপ আৰক্ষী অধীক্ষক দিপক শৰ্মাৰ নেতৃত্বত চলে এই অভিযান । অভিযানত প্ৰায় ৩ লাখ টকা মূলৰ দেশী বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগে । লগতে আটক কৰা হয় অবৈধ সুৰা ব্যৱসায়ৰ লগত জড়িত মিঠুন মড়লক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande