তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান ‘নৃত্যশালা’ৰ ২০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দৃষ্টিনন্দন নৃত্যানুষ্ঠান
–চিত্ৰলেখাৰ নগৰী তেজপুৰৰ পৰা জনপ্ৰিয় নৃত্যশিল্পী মায়াৰাণী বৰাৰ আলোকসন্ধানী যাত্ৰা –২০ বছৰে তেজপুৰৰ পৰা পাৰদৰ্শী শাস্ত্ৰীয় নৃত্যৰ শিল্পীৰ জন্ম দিয়াতো আশাব্যঞ্জক খবৰ --পৃথ্বিৰাজ ৰাভা –বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়াৰ শুভেচ্ছামূলক ভাষণ
তেজপুৰৰ অন্যতম নৃত্যানুষ্ঠান ‘নৃত্যশালা’ৰ ২০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দৃষ্টিনন্দন নৃত্যানুষ্ঠান


–চিত্ৰলেখাৰ নগৰী তেজপুৰৰ পৰা জনপ্ৰিয় নৃত্যশিল্পী মায়াৰাণী বৰাৰ আলোকসন্ধানী যাত্ৰা

–২০ বছৰে তেজপুৰৰ পৰা পাৰদৰ্শী শাস্ত্ৰীয় নৃত্যৰ শিল্পীৰ জন্ম দিয়াতো আশাব্যঞ্জক খবৰ --পৃথ্বিৰাজ ৰাভা

–বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়াৰ শুভেচ্ছামূলক ভাষণ

–ওডিছী নৃত্য ঝুমুৰা নৃত্য, কৃষ্ণ নৃত্য, ৰজাঘৰীয়া চালিনাচ, বৰগীতেৰে জীপাল

শোণিতপুৰ, ১৬ জুন (হি.স.)। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ লগতে যিকোনো শাস্ত্ৰীয় আৰু আধুনিক নৃত্যৰ পাঠদান কৰি সুদীৰ্ঘ ২০ টা বছৰে তেজপুৰৰ পৰা নৃত্যশালা নামৰ এক নৃত্যানুষ্ঠানৰ জৰিয়তে আলোকসন্ধানী যাত্ৰা অব্যাহত ৰখা জনপ্ৰিয় নৃত্যশিল্পী মায়াৰাণী বৰাৰ সপোনৰ নৃত্যানুষ্ঠানখনৰ ২০ বছৰ পূৰ্তি উপলক্ষে তেজপুৰত সম্পন্ন হয় এক আকৰ্ষণীয় আৰু দৃষ্টিনন্দন নৃত্যানুষ্ঠান। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ লগতে বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত কেতেকীবাৰী বিবাহ ভৱনত অনুষ্ঠিত এই সুমধুৰ অনুষ্ঠানটি আৰম্ভ হয় বিশিষ্ট শিক্ষাবিদ তথা গীতিকাৰ ড০ ভুবনেশ্বৰ চহৰীয়া আৰু শিক্ষাসদী লিপিকা চহৰীয়াৰ বন্তি প্ৰজ্বলনেৰে ।

উল্লেখ্য যে বিধায়ক সমন্বিতে তিনিগৰাকী অতিথিয়ে সংগীত তথা নৃত্যশিল্পত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি সত্ৰীয়া ,শাস্ত্ৰীয় তথা ওডিছী নৃত্যৰে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা জনপ্ৰিয় নৃত্যশিল্পী মায়াৰাণী বৰাৰ নৃত্যশালা ৰ এই যাত্ৰাই চিত্ৰলেখাৰ নগৰী তেজপুৰত এক সুস্থ সাংস্কৃতিক পৰিৱেশ সূচনা কৰাই নহয় বছৰে বছৰে পাৰদৰ্শী নৃত্যশিল্পী জন্ম দিবলৈ সক্ষম হোৱাতো এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে । ইয়াৰ পিছতেই মনোৰম অনুষ্ঠানটি আৰম্ভ হয় নৃত্যানুষ্ঠানখনৰ পৰা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্বৰ পৰিচয় দিয়া শিক্ষাৰ্থী সাৰণ্যা মহন্ত আৰু তেওঁৰ মাতৃ অভিনেত্ৰী প্ৰীতি খাউণ্ড মহন্তৰ ওডিছী নৃত্যৰ এটি মংগলাচৰণেৰে।

নৃত্যশিল্পী জ্যোতিষ্মা পটংগীয়াই আঁত ধৰা আকৰ্ষণীয় অনুষ্ঠানটিত সত্ৰীয়া শিল্পী নিলোৎপল বৰা, হিৰক জ্যোতি নাথ আৰু চন্দন প্ৰতিম বৰাৰ কন্ঠ, বাঁহী আৰু খোলৰ সহায়ত কংকিতা ভৰালী ,দেৱাংগী পাৰিজাত পৰাশৰ, সাৰণ্যা মহন্ত আৰু পুষ্পশ্ৰী কাশ্যপৰ দৃষ্টিনন্দন ৰজাঘৰীয়া চালি নৃত্য, জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰীৰ বৰগীত, নৃত্যশালাৰ শিক্ষাৰ্থী নীলাংগী বৰা, অদৃশিখা ভৰালী, ৰিছিথা দত্ত, শিভাংসী ৰয় আকাংক্ষা ৰয়, প্ৰজ্বলিকা বৰা, আদ্ৰি তনয়া ভৰালী আৰু ডীপলীনা দাসৰ মনোৰম কৃষ্ণ নাচ, দৃষ্টি কলিতা, কৃষ্ণালী ভৰালী, আৰাধ্যা চৌধুৰী, ভাৱনা দাস, শষ্ঠি পাৰিজাত পৰাশৰ আৰু জাগভী মধুকল্যৰ ঝুমুৰা নাচ, একাংশ শিক্ষাৰ্থীৰ মাটি আখৰা, শিক্ষাৰ্থী কংকিতা ভৰালী, দেৱাংগ পাৰিজাত পৰাশৰ, লুস্মিতা বৰা আৰু সাৰণ্যা মহন্তৰ ওডিছী নৃত্য, বসন্ত পল্লবীৰ লগতে নীলোৎপল বৰাৰ বৰগীত আৰু একাংশ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন ভোৰতাল নৃত্যৰে মুখৰিত হৈ পৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande