
কাঠমাণ্ডু, ১৬ জুন (হি.স.)। নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে সোমবাৰে বেইজিঙত চীন কমিউনিষ্ট পাৰ্টিৰ বৈদেশিক বিভাগৰ মুৰব্বী লিউ হাইছিঙৰ সৈতে সাক্ষাৎ কৰি দ্বিপাক্ষিক আলোচনাত মিলিত হয়। লিউ হাইছিং চীনৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ আন্তঃৰাষ্ট্ৰীয় বিভাগৰ মন্ত্ৰী।
বৈঠকৰ সবিশেষ দি খানালে কয় যে আলোচনাত নেপাল-চীনৰ সম্পৰ্ক অধিক শক্তিশালী কৰা, ৰাজনৈতিক দলসমূহৰ মাজত আদান-প্ৰদান বৃদ্ধি কৰা, দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক গভীৰ কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
চীন ভ্ৰমণলৈ অহা বৈদেশিক মন্ত্ৰী খানালে চীনৰ সমকক্ষ ৱাং য়ীৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। এই বৈঠকত বিশেষভাৱে নেপাল-চীনৰ সম্পৰ্ক শক্তিশালী কৰা আৰু পাৰস্পৰিক সহযোগিতা সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
বেইজিঙত থকা সময়ছোৱাত খানালে চীনৰ অন্যান্য উচ্চপদস্থ বিষয়াৰ সৈতেও সাক্ষাৎ কৰিব।
বিষয়াসকলৰ মতে, নেপাললৈ বিদেশী বিনিয়োগক আকৰ্ষণ কৰাৰ লক্ষ্যৰে বেইজিঙত থকা নেপালৰ দূতাবাসৰ উদ্যোগত আয়োজিত বিনিয়োগ সন্মিলনতো অংশগ্ৰহণ কৰিব বৈদেশিক মন্ত্ৰীগৰাকীয়ে। তেওঁ চীনৰ উদ্যোগী আৰু ব্যৱসায়ী সমাজৰ প্ৰতিনিধিৰ সৈতেও সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।
এই ভ্ৰমণৰ সময়ত মন্ত্ৰী খানালে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই) ৰূপায়ণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো আলোচনা কৰাৰ সম্ভাৱনা আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ