চীনৰ সহযোগত নেপালত চলি থকা প্ৰকল্পসমূহ ত্বৰান্বিত হোৱাৰ সম্ভাৱনা
কাঠমাণ্ডু, ১৬ জুন (হি.স.)। চীনৰ সহযোগত নেপালত চলি থকা প্ৰকল্পসমূহ ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে চীনত উপস্থিত হোৱা নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে সোমবাৰে চীনৰ সমকক্ষ ৱাং য়ীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।
नेपाल और चीन के विदेश मंत्री स्तरीय बैठक


কাঠমাণ্ডু, ১৬ জুন (হি.স.)। চীনৰ সহযোগত নেপালত চলি থকা প্ৰকল্পসমূহ ত্বৰান্বিত হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে চীনত উপস্থিত হোৱা নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে সোমবাৰে চীনৰ সমকক্ষ ৱাং য়ীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি চীনে পূৰ্বে চুক্তিবদ্ধ প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে কৰাৰ আশ্বাস দিয়ে।

দুয়োখন দেশৰ প্ৰতিনিধি দলে আন্তঃগাঁথনি উন্নয়ন, সংযোগ, সীমান্ত ব্যৱস্থাপনা, শক্তি, বাণিজ্য, বিনিয়োগ, কৃষি, প্ৰযুক্তি হস্তান্তৰ, তথ্য প্ৰযুক্তি আৰু ডিজিটেলাইজেচন, পৰ্যটন, ৰাসায়নিক সাৰ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ, আৰু জনসাধাৰণৰ সম্পৰ্ক অধিক শক্তিশালী কৰা আদি বিষয়ৰ ওপৰত বিশদ আলোচনা কৰে। চীনে নেপাল চৰকাৰক সুশাসন আৰু অৰ্থনৈতিক উন্নয়নৰ অগ্ৰাধিকাৰত সম্পূৰ্ণৰূপে সহায় কৰাৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ প্ৰকাশ কৰে।

নেপালে স্পষ্ট কৰি দিয়ে যে চীনৰ শত্ৰুতাপূৰ্ণ কাৰ্যকলাপৰ বাবে নিজৰ ভূখণ্ড ব্যৱহাৰ কৰিবলৈ নিদিয়ে। ইয়াৰ উত্তৰত চীনে নেপালৰ সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতা আৰু স্বাধীনতাৰ প্ৰতি দৃঢ় সমৰ্থন আৰু সন্মান পুনৰবাৰ প্ৰকাশ কৰে। লগতে সুশাসন আৰু অৰ্থনৈতিক উন্নয়নৰ কাৰ্যসূচীত সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে। দ্বিপাক্ষিক আলোচনাৰ অন্তত বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে খানালৰ সন্মানত নিশাৰ আহাৰৰ আয়োজন কৰে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande