
–লোকশিল্পী তৰাৱতী মিলি বড়িলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মাৰক বঁটা-২০২৬ঃ অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই যৌথভাবে প্রদান কৰিব এই বঁটা
শোণিতপুৰ, ১৬ জুন (হি.স.)। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যৌথ উদ্যোগত এই বর্ষত বিশিষ্ট লোকশিল্পী ধেমাজিৰ তৰাৱতী মিলি বড়িক প্রদান কৰিব 'কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মাৰক বঁটা-২০২৬'। কাকতলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত এই কথা জনাইছে সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই।
সংবাদ বিজ্ঞপ্তিটোত দুয়োটা সংগঠনৰ প্ৰধান সম্পাদক দুগৰাকীয়ে জানিবলৈ দিয়া মতে, অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ যৌথ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা ২০ জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস অনুষ্ঠিত কৰা হৈছে। এই বিশেষ অনুষ্ঠানতে অসমীয়া ভাষা, সাহিত্য, কলা-সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াই অহা বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বড়িক সাহিত্য সভা আৰু শঙ্কৰদেৱ সঙ্ঘই যৌথভাবে প্রদান কৰিব 'কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মাৰক বঁটা-২০২৬'।
উল্লেখ্য, ধেমাজি জিলা সাহিত্য সভা আৰু ধেমাজি জিলা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সহযোগত অনুষ্ঠিত হ'ব লগা বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ ঘোষিত কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে পতাকা উত্তোলনেৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ শুভাৰম্ভ কৰিব। ইয়াৰ পাছতেই ৯-২০ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সভাপতি টংকেশ্বৰ গগৈয়ে বন্তি প্রজ্জ্বলন আৰু ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত চিৰিঙে স্মৃতি তৰ্পণ কৰাৰ পাছতে ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নন্দেশ্বৰ বৰগোহাঁয়ে গছপুলি ৰোপণ কৰিব। পুৱা ১০-৩০ বজাৰপৰা অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে মুকলি অধিৱেশন অনুষ্ঠিত হ'ব।
সভাৰ আৰম্ভণিতে 'চিৰ চেনেহী মোৰ ভাষা জননী...' শীর্ষক গীত পৰিৱেশন কৰিব গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিল্পীসকলে। ধেমাজি জিলা উন্নয়ন আযুক্ত দেৱেশ্বৰ বৰাই বন্তি প্রজ্জ্বলনেৰে শুভাৰম্ভ কৰিব লগা মুকলি অধিৱেশনখন উদ্বোধন কৰিব শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ড° ভবেন্দ্ৰ নাথ ডেকাই। অসম চৰকাৰৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিবলগা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মৃণাল কুমাৰ বৰুৱা আৰু বিশিষ্ট শিক্ষাবিদ তথা শিল্পী-সাহিত্যিক ড° বনজিৎ ভট্টই নির্দিষ্ট বক্তা হিচাপে ভাষণ প্রদান কৰিব।
উল্লেখ্য যে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ এই মুকলি অধিৱেশনত বিশিষ্ট অতিথি হিচাপে অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েং, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্রধান সম্পাদক কুশল ঠাকুৰীয়া উপস্থিত থকাৰ লগতে আমন্ত্রিত অতিথি হিচাপে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়া, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কো-অপাৰেটিভ ছ'চাইটীৰ সভাপতি হৰেন বৰা, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন শইকীয়া আৰু অসম সাহিত্য সভাৰ ধেমাজি জিলাৰ প্ৰতিনিধি ড° জয় কুমাৰ দলে উপস্থিত থাকিব।
আজি এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধানসম্পাদক কুশল ঠাকুৰীয়া, আদৰণী সমিতিৰ যুটীয়া সম্পাদক প্রেমানন্দ তালুকদাৰ আৰু বিনন্দ চাংমাইয়ে পোনপ্ৰথমবাৰৰ বাবে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে যৌথভাৱে অনুষ্ঠিত কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসলৈ ৰাইজক আমন্ত্রণ জনাইছে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ