

নতুন দিল্লী, ১৬ জুন ঃ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে মঙলবাৰে বিনিয়োগকাৰী, কোম্পানী, আৰু ভেঞ্চাৰ কেপিটেল (ভিচি) ফাণ্ডসমূহক ভাৰতত সক্ৰিয়ভাৱে বিনিয়োগ আৰম্ভ কৰিবলৈ আৰু ইয়াতকৈ আৰু বিলম্ব নকৰিবলৈ আহ্বান জনায়।
ফ্ৰান্সৰ নাইচত অনুষ্ঠিত ভাৰত ইনোভেটছ ২০২৬ অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। গোৱেলে কয় যে ভাৰতৰ বিনিয়োগ পৰিৱেশ তন্ত্ৰ সাজু, ঘৰুৱা বজাৰ বিশাল, আৰু চৰকাৰে বিনিয়োগকাৰীক বজাৰৰ সুযোগৰ সৈতে সংযোগ কৰাত সহায় কৰিব, আনহাতে ইতিমধ্যে সহায়ক নীতিৰ কাঠামো আছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পিয়ুষ গোৱালে এটা পোষ্টত লিখিছে যে ফ্ৰান্সৰ নাইচ-মেচেনাৰ বিখ্যাত গেলেৰীছ লাফায়েটত ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) মুকলি কৰি তেওঁ আনন্দিত হৈছে। কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ বিশ্বমানৰ ডিজিটেল পেমেণ্ট প্লেটফৰ্ম ফ্ৰান্সৰ অন্যতম আগশাৰীৰ খুচুৰা গন্তব্যস্থানলৈ অনাটো ইউপিআইৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
তেওঁ লগতে কয় যে লাইৰা কলেক্ট আৰু এন আই পি এলৰ অংশগ্ৰহণেৰে এই পদক্ষেপে ভাৰতৰ নিৰ্ভৰযোগ্য, সহজ, আৰু আন্তঃকাৰ্য্যকৰী ডিজিটেল সমাধান পৰিসৰত প্ৰদান কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰে। এই উন্মোচনে ভাৰত আৰু ফ্ৰান্সৰ মাজত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সম্পৰ্কক আৰু অধিক শক্তিশালী কৰে, যিয়ে আমাৰ কৌশলগত অংশীদাৰিত্বৰ ক্ৰমবৰ্ধমান গভীৰতা আৰু উচ্চাকাংক্ষাক প্ৰতিফলিত কৰে।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে কয় যে ছফিয়া এন্টিপলিছ নতুন ধাৰণা আৰু উদ্ভাৱনেৰে ভৰি আছে। তাত তেওঁ কিছুমান মেধাৱী ভাৰতীয় যুৱকক লগ পাইছিল, ভৱিষ্যতৰ প্ৰযুক্তিৰ ৰোমাঞ্চকৰ আৰ্হি দেখিছিল, আৰু ভৱিষ্যতৰ অগ্ৰগতি গঢ় দিয়াৰ বাবে ভাৰত-ফ্ৰান্সৰ সহযোগিতাৰ অপৰিসীম সম্ভাৱনা বুজি পাইছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া