যোগময় হৈ ভৰি পৰিব কলকাতা, হুগলী নদীত ৫০৯ খন নাৱত অনুষ্ঠিত হ’ব অনুষ্ঠান
নতুন দিল্লী, ১৫ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত ১০ লাখ লোকৰ সৈতে যোগাসন কৰিব । এইবাৰৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে স্বাস্থ্যকৰ বয়স বৃদ্ধিৰ বাবে যোগাসন। মূল অনুষ্ঠানৰ সমান্তৰালকৈ হুগলী নদীত ৫০৯ খন
आयुष मंत्री प्रतापराव जाधव


নতুন দিল্লী, ১৫ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত ১০ লাখ লোকৰ সৈতে যোগাসন কৰিব । এইবাৰৰ যোগ দিৱসৰ বিষয়বস্তু হৈছে স্বাস্থ্যকৰ বয়স বৃদ্ধিৰ বাবে যোগাসন। মূল অনুষ্ঠানৰ সমান্তৰালকৈ হুগলী নদীত ৫০৯ খন নাওত যোগাসন কৰা হ’ব।

সোমবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কেন্দ্ৰত অনুষ্ঠিত এক বিশেষ সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও জাধৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোগ এক বিশ্বব্যাপী আন্দোলনলৈ পৰিণত হৈছে। এই দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে এই বছৰৰ বিশেষ বিষয়বস্তু হৈছে স্বাস্থ্যকৰ বয়স বৃদ্ধিৰ বাবে যোগাসন।

কেন্দ্ৰীয় আয়ুশ মন্ত্ৰী প্ৰতাপ ৰাও জাধৱে কয় যে যোগ দিৱসৰ এইবাৰৰ মূল অনুষ্ঠান অহা ২১ জুনত কলকাতাৰ ৰেড ৰোডত অনুষ্ঠিত হ’ব। প্ৰতাপ ৰাও জাধৱে লগতে কয় যে ২০ জুনত বংগ দিৱসও পালন কৰা হ’ব, আৰু ১৯ জুনত যোগ-ধ্যান কাৰ্যসূচী অনুষ্ঠিত হ’ব।

তেওঁ উল্লেখ কৰে যে কলকাতাত যোগ দিৱসৰ প্ৰস্তুতি দ্ৰুতগতিত আগবাঢ়িছে। বংগৰ বাসিন্দা স্বামী বিবেকানন্দই বিশ্বজুৰি যোগৰ প্ৰচাৰ কৰিছিল যদিও যোৱা ৫০ বছৰত পশ্চিম বংগত কেতিয়াও যোগক যথাযথ গুৰুত্ব দিয়া হোৱা নাই। সেয়ে চলিত বৰ্ষত কলকাতাত যোগ দিৱসৰ মূল অনুষ্ঠান অনুষ্ঠিত হৈছে। অহা ১৯ জুনত কলকাতাত অনুষ্ঠিত হ'ব এক ৰাণ ফৰ যোগ অনুষ্ঠান।

তেওঁ উল্লেখ কৰে যে দিল্লীৰ ৩৮টা স্থানত যোগাসন অনুষ্ঠিত হ’ব, মূল অনুষ্ঠানটো দিল্লীৰ কাৰ্তব্য পথত অনুষ্ঠিত হ’ব।

এইবাৰ সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰত্নতাত্ত্বিক তাৎপৰ্যপূৰ্ণ ১০০টা স্থানত যোগ দিৱসৰ আয়োজন কৰিব। যোগ দিৱসত অধিক সংখ্যক লোকে অংশগ্ৰহণ কৰি চেলফি তুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়।

তেওঁ উল্লেখ কৰে যে যোগ এক বিশ্বব্যাপী গণ আন্দোলনত পৰিণত হৈছে। যোগ দিৱসত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সকলো দূতাবাসে আয়োজন কৰিব আউটৰিচ কাৰ্যসূচী।

এইবাৰ ভাৰতত থকা ব্ৰিটিছ দূতাবাসে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ সৈতে যোগাসন কৰিব। যোৱা বছৰ জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যোগাসন কৰা হৈছিল।

এই উপলক্ষে আয়ুছ মন্ত্ৰালয়ৰ সম্পাদক বৈদ্য ৰাজেশ কোটেচা, আয়ুছ মন্ত্ৰালয়ৰ যুটীয়া সম্পাদিকা মনালিছা দাস আৰু প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ প্ৰধান সঞ্চালক প্ৰধান ধীৰেন্দ্ৰ ওঝা উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande