
নতুন দিল্লী, ১৫ জুন (হি.স.)। পশ্চিম এছিয়াৰ সংকটৰ ফলত ক্ষতিগ্ৰস্ত দেশখনত মে’ মাহত পাইকাৰী মুদ্ৰাস্ফীতি ৯.৬৮ শতাংশলৈ বৃদ্ধি পাইছে, যিটো এপ্ৰিল মাহত ৮.২৬ শতাংশ আছিল।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰে পাইকাৰী মূল্য সূচকাংক (ডব্লিুপিআই) মুদ্ৰাস্ফীতিৰ তথ্য। মন্ত্ৰালয়ে উল্লেখ কৰে যে ইন্ধন আৰু বিদ্যুৎ, নিৰ্মিত সামগ্ৰী, খাদ্য সামগ্ৰীৰ মূল্য তীব্ৰভাৱে বৃদ্ধি হোৱাটোৱেই এই বৃদ্ধিৰ মূল কাৰণ।
মন্ত্ৰালয়ে ২০১১-১২ চনৰ পৰা ২০২২-২৩ চনলৈ ভিত্তি বৰ্ষটো সংশোধন কৰাৰ পিছত ডব্লিউ পি আই ভিত্তিক মুদ্ৰাস্ফীতিৰ তথ্য প্ৰকাশ কৰি কয় যে ইন্ধন আৰু বিদ্যুতৰ শিতানত পাইকাৰী মুদ্ৰাস্ফীতি মে’ মাহত ৩০.৩৩ শতাংশলৈ বৃদ্ধি পাইছে, এপ্ৰিল মাহত ২৪.৮৯ শতাংশ আছিল। এপ্ৰিল মাহত খাৰুৱা পেট্ৰলিয়ামৰ মুদ্ৰাস্ফীতি ৫৬.৩১ শতাংশ হোৱাৰ বিপৰীতে মে’ মাহত ৬১.৫১ শতাংশলৈ বৃদ্ধি পাইছে।তথ্য অনুসৰি পাইকাৰী মুদ্ৰাস্ফীতিৰ এই তীব্ৰ বৃদ্ধিৰ কাৰণ আছিল পশ্চিম এছিয়াত চলি থকা সংকট আৰু ভাৰতে অধিকাংশ খাৰুৱা তেল আমদানি কৰা হৰমুজ জলদ্বীপৰ কাৰ্যকৰীভাৱে অৱৰোধ। ইয়াৰ ফলত খাদ্যৰ দামতো প্ৰভাৱ পৰিছে। খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি মে’ মাহত ৩.৬০ শতাংশলৈ বৃদ্ধি পাইছে, যিটো এপ্ৰিল মাহত ২.৪৩ শতাংশ আছিল। ইয়াৰ উপৰিও নিৰ্মিত সামগ্ৰীৰ মুদ্ৰাস্ফীতি ৭.৪৮ শতাংশলৈ বৃদ্ধি পাইছে, যিটো এপ্ৰিল মাহত ৬.৬৮ শতাংশ আছিল।
উল্লেখযোগ্য যে গ্ৰাহক মূল্য সূচকাংক (চিপিআই)ৰ ওপৰত ভিত্তি কৰি খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ মে’ মাহত ১৬ মাহৰ সৰ্বোচ্চ ৩.৯৩ শতাংশত উপনীত হৈছে, যিটো এপ্ৰিল মাহত ৩.৪৮ শতাংশ আছিল। চলিত মাহৰ আৰম্ভণিতে ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস ৪.৬ শতাংশৰ পৰা ৫.১ শতাংশলৈ বৃদ্ধি কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া