আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ প্ৰধানমন্ত্ৰী মোডীৰ অনুষ্ঠানৰ বাবে কলকাতাত ৭ দিনৰ বাবে বন্ধ ৰেড ৰোড
কলকাতা, ১৫ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা কলকাতাত অনুষ্ঠিত হ’বলগীয়া মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে ৰেড ৰোডত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত বৃহৎ জনসমাগম উপস্থিত হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী শুভ
पोखरा में आयोजित योग कार्यक्रम


কলকাতা, ১৫ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা কলকাতাত অনুষ্ঠিত হ’বলগীয়া মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে ৰেড ৰোডত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত বৃহৎ জনসমাগম উপস্থিত হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও প্ৰধানমন্ত্ৰীৰ সৈতে মঞ্চত অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰিপ্ৰেক্ষিতত কলকাতা আৰক্ষীয়ে ৭ দিনৰ বাবে ৰেড ৰোড বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে মঞ্চ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আৰক্ষীৰ মতে, ১৫ জুনৰ পৰা ২১ জুনলৈ ৰেড ৰোডৰ সকলো যান-বাহনৰ যাতায়ত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব।

কলকাতা আৰক্ষী আয়ুক্ত অজয় নন্দই জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে যে ২০ জুনৰ পুৱা ২ বজাৰ পৰা এ জে চি বসু ৰোড, মৌলালি মৰে আৰু ছেইণ্ট জৰ্জ গেট ৰোডত দক্ষিণমুখী যাতায়তৰ পৰা নিষিদ্ধ কৰা হ’ব। যোগ দিৱসৰ অনুষ্ঠান সমাপ্ত নোহোৱালৈকে এই পথসমূহত মালবাহী বাহনৰ প্ৰৱেশো নিষিদ্ধ কৰা হ’ব।

ইয়াৰ উপৰিও ষ্ট্ৰেণ্ড ৰোডৰ পৰা ৰাজা উডমন্ট ষ্ট্ৰীটলৈ আৰু চি আৰ এভিনিউৰ পৰা দক্ষিণ দিশলৈ জিচি এভিনিউলৈ যোৱা পথত নিষেধাজ্ঞা প্ৰযোজ্য হ’ব। জৱাহৰলাল নেহৰু পথৰ দুয়োটা লেনও নিৰ্দিষ্ট সময়ৰ বাবে মালবাহী যান-বাহনৰ বাবে বন্ধ থাকিব।

আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে ২১ জুনত অনুষ্ঠানটো সমাপ্ত নোহোৱালৈকে মেয়’ ৰোডত সকলো যান-বাহনৰ যাতায়ত বন্ধ থাকিব। অৱশ্যে যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অনুমোদিত বিশেষ ষ্টীকাৰ থকা বাহনসমূহে মেয়’ ৰোড ব্যৱহাৰ কৰিব পাৰিব।

২০ জুন তাৰিখে পুৱা ২ বজাৰ পৰা অনুষ্ঠান সমাপ্ত নোহোৱালৈকে চহৰৰ আন কেইবাটাও পথতো যাতায়ত নিষেধাজ্ঞা প্ৰযোজ্য হ’ব। ইয়াৰ ভিতৰত হস্পিতাল ৰোড (পূব আৰু পশ্চিম), লাভাৰ্ছ লেন, কেছুয়াৰিনা এভিনিউ, খিদিৰপুৰ ৰোড (ঘোডা পাছৰ পৰা জে এণ্ড এন দ্বীপলৈকে), আৰ আৰ এভিনিউ, গোষ্ঠা পাল সাৰাণী, কুইন্সৱে, পলাশী গেট ৰোড, ডাফেৰিন ৰোড, আৰু আউটৰাম ৰোড আদি উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০ জুনত পশ্চিম বংগত উপস্থিত হ’ব আৰু পিছদিনা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনত অংশগ্ৰহণ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande