
কলকাতা, ১৫ জুন (হি.স.)। গ্ৰেপ্তাৰৰ আশংকাত কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে পশ্চিম বংগৰ ডাইমণ্ড হাৰ্বাৰৰ লোকসভাৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী সুমিত ৰয়ে। সোমবাৰে তেওঁৰ অধিবক্তাই ন্যায়াধীশ জে চেনগুপ্তৰ আদালতত আগজাননীমূলক জামিন আবেদন দাখিল কৰাৰ অনুমতি বিচাৰিছিল আৰু লগতে জৰুৰী শুনানিৰ বাবেও অনুৰোধ জনাইছিল। আদালতে অনুমতি প্ৰদান কৰিলে।
শেহতীয়াকৈ পশ্চিম মেদিনীপুৰ জিলাৰ শালবাণী থানা এলেকাত ৰুজু হোৱা এটা গোচৰৰ তদন্তত সুমিত ৰয়ৰ নাম পোহৰলৈ আহিছে। আৰক্ষীয়ে দাবী কৰিছে যে তেওঁৰ বিৰুদ্ধে ধন দাবী, মাটি কেলেংকাৰী, আৰ্থিক জালিয়াতি, ধনৰ বিনিময়ত নিৰ্বাচনী টিকট লাভ কৰাৰ অভিযোগত তদন্ত চলি আছে।
উল্লেখযোগ্য যে শনিবাৰে পুৱাই অভিষেক বেনাৰ্জীৰ কালিঘাট বাসগৃহত শালবাণী আৰক্ষী থানাই তালাচী অভিযান চলায়। আৰক্ষীৰ মতে, সুমিত ৰায়ৰ সন্ধানত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদন্তকাৰীয়ে সুমিতৰ মোবাইল ফোনটোৰ শেষ স্থানৰ সন্ধান কৰি কালিঘাট অঞ্চললৈ লৈ যায়, যাৰ ফলত আৰক্ষী তাত উপস্থিত হয়।
কিন্তু ঘণ্টাৰ পিছত ঘণ্টা বিচাৰি ফুৰাৰ পিছতো সুমিত ৰয়ৰ কোনো সন্ধান পোৱা নগ’ল। ইয়াৰ পিছতে আৰক্ষীয়ে তালাচী তীব্ৰতৰ কৰি তুলিলে। ইফালে, সুমিত ৰায়ৰ আগতীয়া জামিনৰ বাবে উচ্চ ন্যায়ালয়লৈ যোৱাটো ৰাজনৈতিক আৰু আইনী মহলত চৰ্চাৰ বিষয় হৈ পৰিছে।
সূত্ৰ অনুসৰি, আৰক্ষীয়ে সুমিত ৰয়ক অবিৰতভাৱে বিচাৰি ফুৰাৰ সময়তে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তেওঁ আইনী বিকল্পৰ আশ্ৰয় লৈছে। শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে মেদিনীপুৰৰ আদালতে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ