
দোহা/ৱাশ্বিংটন/তেহৰাণ, ১৫ জুন (হি.স.)। অৱশেষত মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ কলীয়া ডাৱৰ পৰিষ্কাৰ হৈছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা যুদ্ধক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা হৰমুজ জলদ্বীপত এতিয়া বাধাহীন জাহাজ চলাচলৰ অনুমতি দিয়া হ’ব। দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত আমেৰিকা আৰু ইৰাণৰ মাজত আপোচত উপনীত হৈছে। ৱাশ্বিংটন আৰু তেহৰানে শান্তি চুক্তি নিশ্চিত কৰিছে। মূল মধ্যস্থতাকাৰী পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দৃঢ়তাৰে কয় যে আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি হৈছে আৰু সেয়া “এতিয়া কাৰ্যকৰী হৈছে”। শুকুৰবাৰে ছুইজাৰলেণ্ডত স্বাক্ষৰিত হ’ব এই চুক্তি।
আল জাজিৰা, গালফ নিউজ, আৰু চিবিএছ নিউজৰ বাতৰি অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চুক্তি হোৱা বুলি ঘোষণা কৰিছে। তেওঁ হৰমুজ জলদ্বীপত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰাৰ কথা ঘোষণা কৰিছে। ইৰাণৰ উপ-বিদেশ মন্ত্ৰী কাজেম ঘৰীবাডীয়ে কয় যে চুক্তিখনৰ চূড়ান্ত খচৰা সন্দৰ্ভত দুয়োপক্ষই সহমতত উপনীত হৈছে। এতিয়া লেবাননকে ধৰি সকলো ফ্ৰণ্টতে যুদ্ধৰ অন্ত পৰিব। ইৰাণৰ সেনাই কয় যে ইৰাণৰ জনসাধাৰণে প্ৰমাণ কৰিছে যে আমেৰিকা আৰু ইজৰাইলৰ হাতত পৰাজয় স্বীকাৰ কৰা আৰু আত্মসমৰ্পণৰ বাহিৰে আন উপায় নাই।
ইৰাণৰ সৈতে হোৱা চুক্তি সন্দৰ্ভত ট্ৰাম্পে কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভৰ সংখ্যালঘু নেতা হাকিম জেফ্ৰিছে। তেওঁ উল্লেখ কৰে যে ২০১৫ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ কাৰ্যকালত ইৰাণৰ সৈতে আমেৰিকাই ইয়াৰ পাৰমাণৱিক কাৰ্যসূচী সীমিত কৰি চুক্তিত উপনীত হৈছিল। তেওঁ টুইটাৰত লিখিছে, ড'নাল্ড ট্ৰাম্পে অসাৱধানতাৰে সেই চুক্তি বাতিল কৰি আমাক যুদ্ধত ডুবাই দিলে। এতিয়া গেছৰ দাম আকাশলংঘী হৈছে। ইৰাণ শক্তিশালী হৈ পৰিছে। এয়া ট্ৰাম্পৰ অভিলেখ।
ট্ৰাম্পে কয় যে যদিহে এই চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় তেন্তে ইজৰাইল, হিজবুল্লাহ আৰু অন্যান্য আঞ্চলিক দলসমূহৰ সৈতে জড়িত সংকটৰ এক বৃহৎ টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হ’ব, যাৰ ফলত লেবানন, গাজা আৰু সাগৰীয় পথত যুদ্ধৰ সৃষ্টি হৈছে। আমেৰিকাৰ নিউজ চেনেল চিবিএছ নিউজে প্ৰকাশ কৰা অনুসৰি ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত কেইবা সপ্তাহ ধৰি বিৰোধী সংকেতৰ পিছত এই নিশ্চয়তা আহিছে। দুয়োপক্ষই পূৰ্বে অগ্ৰগতিৰ ইংগিত দিছিল যদিও যিকোনো চূড়ান্ত চুক্তিৰ মূল চৰ্তসমূহৰ ক্ষেত্ৰতো মতানৈক্য প্ৰকাশ কৰিছিল। অঞ্চলটোত উত্তেজনা অধিক অব্যাহত আছে। এই অনুভূত অগ্ৰগতিৰ প্ৰতি স্থলভাগৰ মিত্ৰশক্তিয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
ইফালে, সোমবাৰে সমগ্ৰ বিশ্বৰ নেতাসকলে শান্তি চুক্তিখনক আদৰণি জনায়। কাটাৰ, তুৰ্কিয়ে, ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্সে এই চুক্তিৰ প্ৰশংসা কৰে। কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুল ৰহমান বিন জাছিম আল থানীয়ে টুইটাৰত লিখিছে, ‘আমেৰিকা আৰু ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ মাজত হোৱা বুজাবুজিৰ চুক্তিক আমি আদৰণি জনাইছো। তেওঁ কয় যে কাটাৰে ভৱিষ্যতে আলোচনা ইতিবাচক আৰু গঠনমূলক মনোভাৱেৰে অনুষ্ঠিত হ’ব বুলি আশা কৰিছে।
তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰ্দোগানে কয় যে মই আন্তৰিকতাৰে আশা কৰিছো যে সমগ্ৰ বিশ্বক দীৰ্ঘদিন ধৰি প্ৰয়োজনীয় এই খবৰটোৱে আমাৰ অঞ্চলত শান্তি আৰু নিৰাপত্তাৰ স্থায়ী পৰিৱেশ গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিব। তেওঁ উচটনিমূলক কার্যৰ বিৰুদ্ধেও সকীয়াই দিয়ে আৰু কূটনৈতিক প্রচেষ্টাত সহায় কৰা পাকিস্তান, কাটাৰ আৰু চৌদি আৰৱক ধন্যবাদ জনায় ৷
ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে এই চুক্তিক “যুদ্ধৰ অন্ত পেলোৱা, আঞ্চলিক স্থিতিশীলতা নিশ্চিত কৰা আৰু হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাৰ দিশত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ” বুলি অভিহিত কৰে। ষ্টাৰমাৰে কয় যে, “মই ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু এই সফলতাত অৰিহণা যোগোৱা পাকিস্তান, কাটাৰ আৰু অন্যান্য দেশৰ মধ্যস্থতাকাৰীসকলক অভিনন্দন জনাইছো।” জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জেও এই চুক্তিক আদৰণি জনায়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে এই চুক্তিখন ক্ষিপ্ৰতাৰে কাৰ্যকৰী হোৱাৰ আশা প্ৰকাশ কৰে।
ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে, ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ সৈতে হোৱা চুক্তি এতিয়া সম্পূৰ্ণ হৈছে। সকলোকে অভিনন্দন। বিশ্বৰ জাহাজ, আপোনালোকৰ ইঞ্জিন ষ্টাৰ্ট কৰক। তেল বৈ যাব দিয়ক। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফে শুকুৰবাৰে (১৯ জুন) ছুইজাৰলেণ্ডত আনুষ্ঠানিকভাৱে এই চুক্তি স্বাক্ষৰিত হ’ব বুলি উল্লেখ কৰে। কূটনৈতিক প্ৰক্ৰিয়াত অৱদান আগবঢ়োৱা কাটাৰ, চৌদি আৰব, আৰু তুৰস্কক ধন্যবাদ জনায়। শ্বৰীফৰ মতে, এতিয়া আনুষ্ঠানিক স্বাক্ষৰৰ পূৰ্বে মধ্যস্থতাকাৰীসকলে ধাৰাবাহিক বৈঠক অনুষ্ঠিত কৰি কাৰিকৰী আলোচনা আৰু চুক্তিখন কাৰ্যকৰী কৰাৰ ভেটি স্থাপন কৰিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ