ঐতিহাসিক কিয়েভ পেচাৰ্স্ক লাভ্ৰা মঠত ভয়ংকৰ অগ্নিকাণ্ড, চাৰিজন নিহত, ২০ জন আহত
কিয়েভ (ইউক্ৰেইন), ১৫ জুন (হি.স.)। ইউক্ৰেইনৰ ৰাজধানী কিয়েভত নিশাৰ ভিতৰতে ৰাছিয়াই এক বৃহৎ আক্ৰমণ চলায়। স্থানীয় কৰ্তৃপক্ষৰ মতে, কিয়েভৰ মাজমজিয়াত থকা ইউক্ৰেইনৰ মূল মঠ কমপ্লেক্সত ৰাছিয়াই ৰাজধানীখনত কৰা বৃহৎ আৰু মাৰাত্মক আক্ৰমণৰ পিছত জুই জ্বলি উঠ
88d04a2d9e429ea0669d3437c582c962_682218172.jpg


কিয়েভ (ইউক্ৰেইন), ১৫ জুন (হি.স.)। ইউক্ৰেইনৰ ৰাজধানী কিয়েভত নিশাৰ ভিতৰতে ৰাছিয়াই এক বৃহৎ আক্ৰমণ চলায়। স্থানীয় কৰ্তৃপক্ষৰ মতে, কিয়েভৰ মাজমজিয়াত থকা ইউক্ৰেইনৰ মূল মঠ কমপ্লেক্সত ৰাছিয়াই ৰাজধানীখনত কৰা বৃহৎ আৰু মাৰাত্মক আক্ৰমণৰ পিছত জুই জ্বলি উঠে। এই আক্ৰমণত চাৰিজন লোক নিহত হোৱাৰ লগতে কমেও ২০ জন আহত হয়। আক্ৰমণৰ পিছত প্ৰকাশ পোৱা ফটো আৰু ভিডিঅ’ত দেখা গৈছে যে প্ৰায় ১০০০ বছৰীয়া ইতিহাস থকা ইউনেস্ক’ৰ তালিকাভুক্ত কিয়েভ পেচেৰ্চ্ক লাভ্ৰা মঠৰ পৰা জুইৰ শিখা উঠিছে।

আমেৰিকাৰ নিউজ চেনেল চিএনএনৰ এক প্ৰতিবেদন অনুসৰি ইউক্ৰেইনৰ জৰুৰীকালীন সেৱাই প্ৰকাশ কৰা ছবিত দেখা গৈছে যে অগ্নিনিৰ্বাপক বাহিনীয়ে কমপ্লেক্সটোৰ ডৰ্মিচন কেথেড্ৰেলৰ টাৱাৰ আৰু গম্বুজৰ তলত সংঘটিত হোৱা জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। ইউক্ৰেইনৰ সাংস্কৃতিক মন্ত্ৰী টেটিয়ানা বেৰেজনায়াই এক বিবৃতিত কয় যে ৰাছিয়াই ডৰ্মিচন কেথেড্ৰেলৰ ক্ষতিসাধন কৰিছে। ইউক্ৰেইনৰ মেট্ৰ'পলিটান এপিফেনিয়াছে এই পবিত্ৰ স্থানটোক ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়।

কিয়েভ সামৰিক প্ৰশাসনৰ মুৰব্বী টাইমুৰ ট্কাচেংকোৰ মতে, এই আক্ৰমণত কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক জ্বলি ছাই হয়।

মেয়ৰ ভিটালি ক্লিচকোৰ মতে, এই আক্ৰমণৰ ফলত উত্তৰ কিয়ভৰ প্ৰায় ১ লাখ ৪০ হাজাৰ ঘৰত বিদ্যুৎ বিচ্ছিন্ন হয়। কিয়েভ পেচেৰস্ক লাভ্ৰা মঠ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ২০২৩ চনত ৰাছিয়াৰ আগ্ৰাসনৰ দ্বাৰা ধ্বংসৰ ভাবুকিৰ বাবে ইয়াক বিপন্ন বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। একাদশ শতিকাত প্ৰতিষ্ঠা হোৱা ইউনেস্কোৰ মতে যুগ যুগ ধৰি ইয়াৰ গুহাত সন্তসকলৰ অৱশেষ পুতি থোৱা হৈছে।

ইউক্ৰেইনৰ স্বৰাজ মন্ত্ৰী ইহ’ৰ ক্লাইমেংকোৰ মতে, উত্তৰ-পূবৰ খাৰকিভ চহৰত ৰাছিয়াৰ বোমা বিস্ফোৰণৰ ফলত কমেও পাঁচজন লোক নিহত হৈছে। আন পাঁচজনো আহত হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতি থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হয়। ক্ৰেমলিনৰ তথ্য অনুসৰি দেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতেও ট্ৰাম্পে কথা পাতিছিল।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande