পাকিস্তান বায়ুসেনাৰ প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ দুয়োজন পাইলটৰ মৃত্যু
ইছলামাবাদ, ১৫ জুন (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ মাৰ্দানৰ সমীপত সোমবাৰে পাকিস্তান বায়ুসেনাৰ এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত দুয়োজন পাইলট ফ্লাইট লেফটেনেণ্ট মহম্মদ কাছিম আব্দুল্লা আৰু লেফটেনেণ্ট তালহা আব্বাছিৰ মৃত
f2e5eb7fc144e0e1129f2d5f940e11b6_1111402961.jpg


ইছলামাবাদ, ১৫ জুন (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ মাৰ্দানৰ সমীপত সোমবাৰে পাকিস্তান বায়ুসেনাৰ এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত দুয়োজন পাইলট ফ্লাইট লেফটেনেণ্ট মহম্মদ কাছিম আব্দুল্লা আৰু লেফটেনেণ্ট তালহা আব্বাছিৰ মৃত্যু হয়।

আন্তঃসেৱা জনসংযোগৰ উদ্ধৃতি দি দুনিয়া নিউজে এই কথা প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি বায়ুসেনাৰ মুখ্য কাৰ্যালয়ে দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ এখন তদন্ত ব’ৰ্ড গঠন কৰিছে। ফিল্ড মাৰ্শ্বাল অসীম মুনিৰে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। একেদৰে গৃহমন্ত্ৰী মহছিন নাকৱীয়ে বিমান দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে ।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande