
অছলো, ১৫ জুন (হি.স.)। নৰৱেৰ ৰাজকীয় পৰিয়ালৰ ক্ৰাউন প্ৰিন্সেছ মেট-মাৰিটৰ জ্যেষ্ঠ পুত্ৰ মাৰিউছ বৰ্গ হ’ইবিক যৌন অপৰাধৰ সৈতে জড়িত গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত সোমবাৰে চাৰি বছৰৰ কাৰাদণ্ড বিহা হয়। আদালতে হ’ইবিক তেওঁৰ বিৰুদ্ধে থকা চাৰিটা অভিযোগৰ ভিতৰত দুটা অভিযোগত দোষী সাব্যস্ত কৰাৰ বিপৰীতে বাকী দুটা অভিযোগৰ পৰা তেওঁক দোষমুক্ত কৰে।
আদালতৰ ৰায় অনুসৰি এই গোচৰসমূহত শুই থকা বা অন্য কোনো ধৰণে প্ৰতিৰোধ কৰিব নোৱাৰা মহিলাসকল জড়িত আছিল। ২০১৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত এই অপৰাধ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।হ’ইবিৰ বিৰুদ্ধে আন কেইবাটাও অভিযোগ আছে, য’ত আছে আক্ৰমণ, ড্ৰাগছৰ অপৰাধ, আদালতে জাৰি কৰা ৰেষ্ট্ৰেইনিং অৰ্ডাৰ উলংঘা কৰা। হ’ইবিয়ে আটাইতকৈ গুৰুতৰ অভিযোগ অস্বীকাৰ কৰিলেও তেওঁ কিছুমান কম গুৰুতৰ অপৰাধ স্বীকাৰ কৰে, যেনে ড্ৰাগছ সম্পৰ্কীয় উলংঘা আৰু আইনী আদেশ উলংঘা।
এই গোচৰটো নৰৱেত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছিল কাৰণ হ’ইবি মেট্টে-মাৰিটকেৰ ডাঙৰ পুত্ৰ। ৰাজকুমাৰ হাকনৰ সৈতে ক্ৰাউন প্ৰিন্সেছৰ বিবাহৰ পূৰ্বে থকা সম্পৰ্কৰ পৰা জন্ম হৈছিল হ’ইবিৰ। যদিও হ’ইবিৰ কোনো ৰাজকীয় উপাধি নাই আৰু চৰকাৰী ৰাজকীয় কৰ্তব্যও পালন নকৰে, ৰাজপৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্কই বিচাৰক ৰাষ্ট্ৰীয় পৰ্যায়ত তীক্ষ্ণ নিৰীক্ষণৰ অধীনত ৰাখিছিল।
কেইবা সপ্তাহ ধৰি চলিছিল এই বিচাৰ, এই সময়ছোৱাত আদালতে কেইবাজনো অভিযোগকাৰীৰ সাক্ষ্য শুনানি গ্ৰহণ কৰে আৰু উপস্থাপন কৰা প্ৰমাণসমূহ ভালদৰে পৰীক্ষা কৰে। বিচাৰ সম্পূৰ্ণ হোৱাৰ পিছত আদালতে ৰায়দান কৰি হ’ইবিক চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া