প্ৰাথমিক শিক্ষক নিযুক্তি কেলেংকাৰিঃ ক্ৰমাগত দ্বিতীয় দিনৰ বাবে ইডিৰ সন্মুখত হাজিৰ অভিষেক বেনাৰ্জী
কলকাতা, ১৫ জুন (হি.স.)। পশ্চিম বংগৰ ডাইমণ্ড হাৰ্বাৰৰ পৰা লোকসভাৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে সোমবাৰে প্ৰাথমিক শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত উপস্থিত হয়। পুৱা
লোকসভাৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী


কলকাতা, ১৫ জুন (হি.স.)। পশ্চিম বংগৰ ডাইমণ্ড হাৰ্বাৰৰ পৰা লোকসভাৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে সোমবাৰে প্ৰাথমিক শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত উপস্থিত হয়। পুৱা ১১ বজাত তেওঁক ছল্ট লেকৰ চি জি অ’ কমপ্লেক্সলৈ মাতি অনা হয় যদিও নিৰ্ধাৰিত সময়ৰ আগতেই তেওঁ উপস্থিত হয়। ইডি কাৰ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে সংবাদ মাধ্যমৰ প্ৰশ্ন সন্দৰ্ভত তেওঁ কোনো মন্তব্য নকৰিলে।

অভিষেকৰ উপস্থিতিৰ বাবে এইবাৰ চি জি অ’ কমপ্লেক্সত কোনো অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা দেখা নগ’ল। চৌহদত অতিৰিক্ত আৰক্ষী বা কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হোৱা নাছিল। পূৰ্বে অভিষেক যেতিয়াই তদন্তকাৰী সংস্থাৰ আগত হাজিৰ হৈছিল তেতিয়াই সমগ্ৰ অঞ্চলটো বিশেষ নিৰীক্ষণৰ অধীনত আছিল আৰু চলাচলত বাধা আৰোপ কৰা হৈছিল।

দেওবাৰেও বিধানসভাৰ স্বাক্ষৰ জালিয়াতিৰ গোচৰত চিআইডিৰ সন্মুখত ভৱানী ভৱনত প্ৰায় সাড়ে আঠ ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছিল অভিষেক। একেটা গোচৰৰ সন্দৰ্ভত বেলিয়াঘাটাৰ তৃণমূলৰ বিধায়ক কুনাল ঘোষকো চমন কৰা হয়। সূত্ৰ অনুসৰি দুয়োকে মুখামুখিকৈ জেৰা কৰা হয়। চি আই ডিৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ পিছত অভিষেক পোনে পোনে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহলৈ যায়।

মঙলবাৰে পুনৰ অভিষেকক চমন কৰিছে চি আই ডিয়ে। তদুপৰি, ছল্ট লেকত দাখিল কৰা আন এক অভিযোগৰ সন্দৰ্ভত বুধবাৰে তেওঁক জেৰা কৰাৰ মনস্থ কৰিছে ৰাজ্য আৰক্ষীৰ চোৰাংচোৱা শাখাই। অৱশ্যে কলিকতা উচ্চ ন্যায়ালয়ে বিধানসভাৰ স্বাক্ষৰ জালিয়াতিৰ গোচৰৰ তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে যিকোনো জোৰ-জবৰদস্তিৰ ব্যৱস্থা অহা দুসপ্তাহলৈ স্থগিত ৰাখিছে। কিন্তু প্ৰাথমিক নিযুক্তি গোচৰ আৰু অন্যান্য ছল্ট লেক গোচৰত তেওঁ এনে কোনো সকাহ পোৱা নাই।

দীৰ্ঘদিন ধৰি প্ৰাথমিক শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰৰ তদন্ত চলাই আহিছে ইডিয়ে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ তদন্তৰ সময়ত এটা অডিঅ’ ক্লিপ ওলাইছিল, য’ত অভিষেক বেনাৰ্জীৰ কথা উল্লেখ কৰা হৈছিল। অডিঅ’ ক্লিপটোত অভিষেকে চাকৰিৰ বাবে ধন দাবী কৰা বুলি অভিযোগ উত্থাপন হৈছে। চিবিআইয়েও নিজৰ চাৰ্জ শ্বীটত এই অডিঅ’ৰ কথা উল্লেখ কৰিছে।

এই অডিঅ'ৰ আধাৰত জনপ্ৰিয়ভাৱে কালিঘাটৰ কাকু নামেৰে পৰিচিত সুজয় কৃষ্ণ ভদ্ৰৰ কণ্ঠৰ নমুনাও পৰীক্ষা কৰা হয়। ইডিয়ে এতিয়া এই অডিঅ’ৰ সৈতে জড়িত দিশসমূহ নিজৰ তদন্তৰ পৰিসৰলৈ আনিব বিচাৰিছে। তদুপৰি অভিষেক বেনাৰ্জীৰ কোম্পানী লিপছ এণ্ড বাউণ্ডছৰ বিত্তীয় লেনদেনও তদন্তকাৰী সংস্থাটোৰ ৰাডাৰত আছে। এই সন্দৰ্ভতো তেওঁক প্ৰশ্ন কৰা হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। ইতিমধ্যে এই বিষয়ত অভিষেকক কেইবাবাৰো সোধা-পোছা কৰিছে ইডিয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande