
নতুন দিল্লী, ১৫ জুন (হি.স.)। ভাৰতীয় এল এন জি বাহক জাহাজ ‘দিশা’ই নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিলে। তিনিমাহতকৈ অধিক সময়ৰ ভিতৰত সংঘাত প্ৰভাৱিত অঞ্চলটো এৰি যোৱা ভাৰতীয় পতাকা থকা এল এন জি বাহকখনেই হৈছে প্ৰথমখন।
সোমবাৰে জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সঞ্চালক ওপেশ কুমাৰ শৰ্মাই আন্তঃমন্ত্ৰালয়ৰ সংবাদমেলত কয় যে, এল এন জি জাহাজ 'দিশা'ই নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে। ই ৬২,৩৭০ টন তৰলীকৃত প্ৰাকৃতিক গেছ (এল এন জি) কঢ়িয়াই লৈ ফুৰিছে। ১৮ জুনৰ আশে-পাশে ভাৰতৰ দহেজ বন্দৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
ওপেশ কুমাৰ শৰ্মাই কয় যে ভাৰতৰ পতাকাৰ এল এন জি বাহক জাহাজ ‘দিশা’ তিনিমাহৰো অধিক সময়ৰ ভিতৰত সংঘাত প্ৰভাৱিত হৰমুজ জলদ্বীপত নিৰাপদে পাৰ হৈ যোৱা প্ৰথমখন জাহাজ হিচাপে পৰিগণিত হৈছে। শ্বিপিং কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ নেতৃত্বত এটা কনচৰ্টিয়ামৰ দ্বাৰা পৰিচালিত জাহাজখনে ৬২,৩৭০ টন এল এন জি কঢ়িয়াই নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে।
শৰ্মাই উল্লেখ কৰে যে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু মংগল নিশ্চিত কৰাৰ বাবে জাহাজ সঞ্চালকালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় দূতাবাস, জাহাজ কোম্পানী, আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে অহৰহ সমন্বয় সাধন কৰি আছে। সমগ্ৰ দেশতে বন্দৰৰ কাম-কাজ স্বাভাৱিক, আৰু কোনো ধৰণৰ যানজঁটৰ খবৰ পোৱা নাই।
জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, প্ৰতিষ্ঠিত নিয়ন্ত্ৰণ কক্ষটোৱে যোৱা ৯৬ ঘণ্টাত ১২,৭৩৭টা ফোন আৰু ২৮,২৯৯টাতকৈ অধিক ইমেইল চম্ভালিছে। এই সময়ছোৱাত নাৱিক, তেওঁলোকৰ পৰিয়াল, আৰু অন্যান্য সামুদ্ৰিক অংশীদাৰসকলৰ পৰা ৪০৬টা ফোন আৰু ৭৮৪টা ইমেইল লাভ কৰা হৈছিল। মন্ত্ৰালয়ে জনোৱা মতে, সঞ্চালকালয়ে এতিয়ালৈকে যোৱা ৯৬ ঘণ্টাত ৫০ জনকে ধৰি ৩৫৮৭ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে উভতি অহাটো নিশ্চিত কৰিছে।
উল্লেখযোগ্য যে ২৮ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম এছিয়াত চলি থকা সংকটৰ অন্ত পেলাবলৈ আজি আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি কৰা হয়। এই চুক্তিখন ১৯ জুনত ছুইজাৰলেণ্ডত স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া