হাৰিয়ানাঃ ফাতেহাবাদৰ পথাৰত দ্ৰুতবেগী ব্যক্তিগত বাছ বাগৰি তিনিজন যাত্ৰীৰ মৃত্যু, ১২ জন আহত
ফতেহাবাদ, ১৫ জুন (হি.স.)। হাৰিয়ানাৰ ফাতেহাবাদ জিলাত সোমবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। টোহানা অভিমুখে গৈ থকা এখন দ্ৰুতবেগী ব্যক্তিগত বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পথাৰত বাগৰি পৰে। এই শোকাৱহ দুৰ্ঘটনাত এগৰাকী মহিলাসহ তিনিজন যাত্ৰীৰ থিত
टोहाना में हादसे का शिकार हुई बस।


टोहाना में हादसे के बाद मौके पर पहुंचे सांसद सुभाष बराला।


ফতেহাবাদ, ১৫ জুন (হি.স.)। হাৰিয়ানাৰ ফাতেহাবাদ জিলাত সোমবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। টোহানা অভিমুখে গৈ থকা এখন দ্ৰুতবেগী ব্যক্তিগত বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পথাৰত বাগৰি পৰে। এই শোকাৱহ দুৰ্ঘটনাত এগৰাকী মহিলাসহ তিনিজন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ১২ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছতে ক্ষুব্ধ গাঁওবাসীয়ে টোহানা-ফাতেহাবাদ পথ অৱৰোধ কৰি অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে।

আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, ব্যক্তিগত বাছখনত প্ৰায় ৫০ৰ পৰা ৫৫জন যাত্ৰী কঢ়িয়াই নিছিল, যিটোৱে ইয়াৰ বহা ক্ষমতা অতিক্ৰম কৰিছিল। চন্দৰ গাঁৱৰ যাত্ৰী ৰামমেহৰে কয় যে চালকজনে আৰম্ভণিৰে পৰা অসাৱধানতাৰে আৰু অতি তীব্ৰ বেগত গাড়ী চলাইছিল। বাছখন ভোডী গাঁৱৰ সমীপৰ এটা কেকুৰিত উপস্থিত হোৱাৰ লগে লগে চালকজনে হঠাতে তীব্ৰ বেগেৰ বাবে চালকে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পোনে পোনে পথাৰত বাগৰি পৰে। দুৰ্ঘটনাটোৰ পিছতে যাত্ৰাসকলৰ হাহাকাৰ অৱস্থা আৰু চিঞৰ-বাখৰ আৰম্ভ হয়। দুৰ্ঘটনাটোৰ শব্দ শুনি ওচৰৰ গাঁৱৰ মানুহ আৰু পথচাৰীয়ে লগে লগে সহায়ৰ বাবে লৰালৰিকৈ ওলাই যায়। খৰধৰকৈ বাছৰ খিৰিকী ভাঙি ভিতৰত আবদ্ধ হৈ থকা আহত আৰু ভয় খাই থকা যাত্ৰীসকলক উলিয়াই আনে।

দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰ সিঙে আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে। সম্প্ৰতি মৃতক চিনাক্তকৰণৰ প্ৰচেষ্টা অব্যাহত আছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰাজ্যসভাৰ সাংসদ সুভাষ বৰালাও ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। তেওঁ ব্যক্তিগতভাৱে আহতসকলক এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰি প্ৰশাসনিক বিষয়াসকলক সাহায্য অভিযান ক্ষিপ্ৰতাৰে কৰা আৰু সম্ভৱপৰ উত্তম চিকিৎসা প্ৰদানৰ বাবে কঠোৰ নিৰ্দেশনা প্ৰদান কৰে।

অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত গাঁওবাসীয়ে পথ অৱৰোে

এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছতে গাঁৱৰ ৰাইজৰ ক্ষোভৰ সৃষ্টি হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে অভিযুক্ত চালক আৰু কণ্ডাক্টৰ পলায়ন কৰাৰ ফলত ক্ষুব্ধ গাঁওবাসীয়ে ধৰ্ণা দি ভোডী গাঁৱৰ টোহানা-ফতেহাবাদ পথ অৱৰোধ কৰে। গাঁওবাসীৰ অভিযোগ যে চালকৰ এনে অৱহেলাত প্ৰতিদিনে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিছে। পলাতক চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ নকৰালৈকে পথ এৰি নাযায় বুলি প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে। আনকি একাংশই চালকজন মদ্যপান কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। পথ অৱৰোধ আৰু বৰ্ধিত উত্তেজনাৰ তথ্য লাভ কৰাৰ লগে লগে প্ৰশাসনিক বিষয়াসকলে কাৰ্য্যত লিপ্ত হয়। গধুৰ আৰক্ষী বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হয় এছডিএম আকাশ শৰ্মা আৰু ডিএছপি জয় ভগৱান। প্ৰতিবাদকাৰী গাঁওবাসীৰ সৈতে কথা পাতি বিষয়াসকলে শান্তি বজাই ৰাখিবলৈ আৰু আইন নিজৰ হাতত নল’বলৈ আহ্বান জনায়।

গাঁওবাসীক আশ্বস্ত কৰি ডিএছপি জয় ভগৱানে উল্লেখ কৰে যে আৰক্ষীয়ে বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি আছে। পলায়ন কৰা চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ দলে অভিযান চলাইছে, আৰু অতি সোনকালে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব। অৱশ্যে আৰক্ষীৰ এই আশ্বাসৰ পিছতো গাঁওবাসীয়ে নিজৰ দাবীত অটল হৈ আছে। প্ৰতিবাদস্থলীত উপস্থিত থকা বৃহৎ সংখ্যক লোকৰ বাবে অঞ্চলটোৰ পৰিস্থিতি উত্তেজিত হৈ আছে যদিও নিয়ন্ত্ৰণত আছে। ইফালে দুৰ্ঘটনাগ্ৰস্ত বাছখন আৰক্ষীয়ে দখল কৰি অভিযুক্ত চালকজনৰ বিৰুদ্ধে গাফিলতিৰে গাড়ী চলোৱাৰ গোচৰ ৰুজু কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande