অনাগত চাৰি বছৰত ভাৰতৰ জৈৱ অৰ্থনীতি ৩০০ বিলিয়ন ডলাৰলৈ লৈ যোৱাৰ লক্ষ্য: ড° জিতেন্দ্ৰ সিং
নতুন দিল্লী, ১৫ জুন (হি.স.)। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড° জিতেন্দ্ৰ সিঙে কয় যে বিগত ১২ বছৰত ভাৰতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে ২০১৪ চনত দেশখনৰ জ
पत्रकारवार्ता को संबोधित करते हुए केन्द्रीय मंत्री डॉ. जितेन्द्र सिंह


নতুন দিল্লী, ১৫ জুন (হি.স.)। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড° জিতেন্দ্ৰ সিঙে কয় যে বিগত ১২ বছৰত ভাৰতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে ২০১৪ চনত দেশখনৰ জৈৱ অৰ্থনীতি ১০ বিলিয়ন ডলাৰৰ পৰা ১৯০ বিলিয়ন ডলাৰৰ ওপৰলৈ বৃদ্ধি পাইছে আৰু ২০৩০ চনৰ ভিতৰত ৩০০ বিলিয়ন ডলাৰত উপনীত হোৱাৰ লক্ষ্য লোৱা হৈছে।

সোমবাৰে কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ (চি এছ আই আৰ)ৰ মুখ্য কাৰ্যালয়ত বিজ্ঞান, প্ৰযুক্তি, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ১২ বছৰীয়া পৰিৱৰ্তনশীল উন্নতি বিষয়ক সংবাদমেলত ভাষণ দি ড° জিতেন্দ্ৰ সিঙে কয় যে বিজ্ঞান আৰু প্ৰযুক্তি পৰীক্ষাগাৰৰ পৰা সাধাৰণ নাগৰিকৰ জীৱনলৈ গতি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক মূল স্তম্ভ হৈ পৰিছে।

সংবাদমেলত চি এছ আই আৰৰ সঞ্চালক প্ৰধান ড° এন কলাইচেলভি আৰু জৈৱ প্ৰযুক্তি বিভাগৰ সম্পাদক ড° ৰাজেশ গোখলে উপস্থিত থাকে। ড° জিতেন্দ্ৰ সিঙে উল্লেখ কৰে যে ভাৰতৰ মহাকাশ খণ্ড দ্ৰুতগতিত বৃদ্ধি পাইছে। মহাকাশ ষ্টাৰ্টআপৰ সংখ্যা মাত্ৰ মুষ্টিমেয় সংখ্যক আছিল যদিও এতিয়া তেওঁলোকৰ সংখ্যা ৪০০ৰো অধিক হৈছে।বৰ্তমান প্ৰায় ৮ বিলিয়ন ডলাৰ মূল্যৰ ভাৰতৰ মহাকাশ অৰ্থনীতি অনাগত বছৰবোৰত ৪৫ বিলিয়ন ডলাৰ হ’ব বুলি প্ৰকল্প কৰা হৈছে।

তেওঁ চন্দ্ৰযান-৩ৰ সফলতাক ভাৰতৰ বৈজ্ঞানিক সামৰ্থ্যৰ প্ৰতীক বুলি অভিহিত কৰি ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হোৱাৰ কথা উল্লেখ কৰে।

ড০ সিঙে উল্লেখ কৰে যে ২০১৪ চনত দেশখনত মাত্ৰ ১৭টা বতৰৰ ৰাডাৰ আছিল, আনহাতে এতিয়া প্ৰায় ৫০টা হৈছে আৰু আৰু ৫০টা স্থাপন কৰাৰ পৰিকল্পনা চলি আছে। বতৰ পূৰ্বাভাস সেৱা ৩০০ চহৰৰ পৰা প্ৰায় ১৭০০ স্থানলৈ সম্প্ৰসাৰিত হৈছে, যিয়ে কৃষক আৰু দুৰ্যোগ ব্যৱস্থাপনা সংস্থাসমূহক যথেষ্ট সহায় কৰিছে।

জৈৱ প্ৰযুক্তি আৰু স্বাস্থ্য খণ্ডত কৃতিত্ব

ডাঃ সিঙৰ কৃতিত্বৰ তালিকা প্ৰস্তুত কৰি ড০ সিঙে কয় যে ভাৰতে সুলভ মূল্যৰ চি আৰ-টি চেল থেৰাপী, জিন’মিক্স, প্ৰিচিচন মেডিচিন, আৰু নতুন প্ৰজন্মৰ এন্টিবায়টিক আদি ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। দেশখনে এতিয়া কেৱল নিজৰ প্ৰয়োজনীয়তাৰ বাবেই নহয়, বিশ্ব স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ বাবেও সমাধান বিকশিত কৰিছে।

তেওঁ আঙুলিয়াই দিয়ে যে কাউন্সিল অৱ চাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চে (চি এছ আই আৰ) বিকশিত কৰা প্ৰযুক্তিসমূহ কৃষি, স্বাস্থ্য, শক্তি, আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। আৰোমা মিছনৰ কথা উল্লেখ কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে ইয়াৰ দ্বাৰা বিশেষকৈ হিমালয় অঞ্চলৰ কৃষকসকলক নতুন জীৱিকাৰ সুযোগ প্ৰদান কৰা হৈছে।

ভৱিষ্যতৰ লক্ষ্য

ভাৰতে ২০৩৫ চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপন কৰাৰ লগতে ২০৪০ চনৰ ভিতৰত ভাৰতীয় মহাকাশচাৰী চন্দ্ৰত অৱতৰণ কৰাৰ লক্ষ্য লৈছে।

ড° জিতেন্দ্ৰ সিঙে কয় যে বিজ্ঞান আৰু প্ৰযুক্তি ভাৰতৰ উন্নয়নৰ মূল চালক হৈ পৰিছে আৰু দেশখনক উন্নত ভাৰত ২০৪৭ৰ লক্ষ্যৰ দিশত দ্ৰুতগতিত আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande