
নতুন দিল্লী, ১৫ জুন (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলাবলৈ আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা চুক্তিৰ মাজতে আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্যই মাৰ্চৰ পিছত সৰ্বনিম্ন স্তৰত উপনীত হৈছে। পশ্চিম এছিয়াত উত্তেজনা বন্ধ হোৱাৰ সম্ভাৱনাৰ বাবে বিগত ডেৰমাহত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৩৭ ডলাৰ হ্ৰাস পাইছে। এই হ্ৰাসৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলত ১২০ ডলাৰলৈ বৃদ্ধি পোৱা ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য আজি ৮২.৭০ ডলাৰলৈ হ্ৰাস পাইছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে হৰমুজ জলদ্বীপৰ মাজেৰে তেল টেংকাৰ আৰু মালবাহী জাহাজৰ চলাচল পুনৰ আৰম্ভ কৰি ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ অন্ত পেলাবলৈ বহুলাংশে প্ৰাৰম্ভিক চুক্তি কৰা হৈছে। শীঘ্ৰে দুয়োখন দেশৰ যুদ্ধৰ অন্ত পেলাবলৈ চুক্তি হ’ব পাৰে। ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে মাৰ্চ মাহৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰেণ্ট খাৰুৱা তেলৰ দৰে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮০ ডলাৰৰ তললৈ নামি আহিছে। আজিৰ ব্যৱসায়ত ব্ৰেণ্ট খাৰুৱা তেলৰ ভৱিষ্যত প্ৰতি বেৰেলত ৪.২০ ডলাৰ অৰ্থাৎ ৫ শতাংশ হ্ৰাস পাই ৮৩.০৭ ডলাৰ হয়।
একেদৰে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ ভৱিষ্যত প্ৰতি বেৰেলত ৪.৭ ডলাৰ অৰ্থাৎ ৫.৬ শতাংশ হ্ৰাস পাই ৮০.১২ ডলাৰ প্ৰতি বেৰেলত হয়। ভৌতিক বজাৰত আজি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ৮৩.৮১ ডলাৰত মুকলি হয়, যিটো প্ৰতি বেৰেলত ৩.৫২ ডলাৰ হ্ৰাস পায়। ব্যৱসায় আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য মাৰ্চৰ পিছত সৰ্বনিম্ন স্তৰলৈ হ্ৰাস পায় আৰু প্ৰতি বেৰেলত ৮২.৭০ ডলাৰ হয়। ভাৰতীয় সময় অনুসৰি বিয়লি ২:৩০ বজাত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৪.৩৫ ডলাৰ বা ৪.৯৮ শতাংশ হ্ৰাস পাই ৮২.৯৮ ডলাৰত ব্যৱসায় কৰা হয়।
একেদৰে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৩.৯৫ ডলাৰ হ্ৰাস পাই প্ৰতি বেৰেলত ৮০.৯৩ ডলাৰত ব্যৱসায় আৰম্ভ হয়। কম সময়ৰ ভিতৰতে প্ৰতি বেৰেলত ৮০ ডলাৰৰ সীমাৰ তললৈ নামি প্ৰতি বেৰেলত ৭৯.৭৬ ডলাৰত উপনীত হয়। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:৩০ বজাত ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৪.৫৯ ডলাৰ বা ৫.৪১ শতাংশ হ্ৰাস পাইছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া