পশ্চিম বংগত কেৰালা লোকক ৰাজহুৱা প্ৰহাৰৰ গোচৰত অমিত শ্বাহক ব্যৱস্থা গ্ৰহণৰ দাবী ভেনুগোপালৰ
নতুন দিল্লী, ১৫ জুন (হি.স.)। পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণ জিলাত কেৰালাৰ এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনাক কৰুণ আৰু চিন্তনীয় বুলি অভিহিত কৰিছে কংগ্ৰেছ দলে। দলৰ সাধাৰণ সম্পাদক (সংগঠন) তথা ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ কে চি ভেনুগোপালে এই বিষয়ত কে
केसी वेणुगोपाल


নতুন দিল্লী, ১৫ জুন (হি.স.)। পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণ জিলাত কেৰালাৰ এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ ঘটনাক কৰুণ আৰু চিন্তনীয় বুলি অভিহিত কৰিছে কংগ্ৰেছ দলে। দলৰ সাধাৰণ সম্পাদক (সংগঠন) তথা ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ কে চি ভেনুগোপালে এই বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শীঘ্ৰে হস্তক্ষেপ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ভেনুগোপালে কয় যে কোনো কাৰণতে আইন-শৃংখলা ইমানেই অৱনতি ঘটিব নালাগে যে জনসাধাৰণে আইনখন নিজৰ হাতত লয়। এই স্পৰ্শকাতৰ বিষয়টোৰ নিৰপেক্ষ তদন্তৰ দাবী জনাই তেওঁ কয় যে ভুক্তভোগীয়ে শীঘ্ৰে ন্যায় লাভ কৰিব লাগে।

ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনাৰ বাবে উৎসাহিত কৰা নহয় তাৰ বাবে চৰকাৰে নিশ্চিত কৰিব লাগে বুলিও তেওঁ কয়। কংগ্ৰেছে ইয়াক গণতান্ত্ৰিক মূল্যবোধ আৰু নাগৰিক সুৰক্ষাৰ প্ৰতি গুৰুতৰ ভাবুকি বুলি অভিহিত কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande