
পাটনা, ১৫ জুন (হি.স.)। বিহাৰৰ ৰাজধানী পাটনাৰ জ্ঞান বিন্দু কোচিং ইনষ্টিটিউটৰ সঞ্চালক ৰোশন আনন্দক এক উল্লেখযোগ্য সকাহ দি পাটনা অসামৰিক আদালতে তেওঁৰ জামিন আবেদন স্বীকাৰ কৰিছে। সোমবাৰে এডিজে-৩৩ৰ আদালতত শুনানিৰ বাবে এই গোচৰটো উত্থাপন হয়, য’ত দুয়োপক্ষৰ যুক্তি শুনানিৰ পিছত আদালতে তেওঁক জামিন প্ৰদান কৰে।
ইয়াৰ পূৰ্বে ৰোশন আনন্দৰ জামিন আৱেদন দণ্ডাধীশ প্ৰথম শ্ৰেণীৰ আদালতে নাকচ কৰাৰ পিছতে তেওঁ জিলা ন্যায়াধীশৰ আদালতত নতুনকৈ জামিন আবেদন দাখিল কৰে। পূৰ্বৰ শুনানিৰ সময়ত বাদী অধিবক্তাই অতিৰিক্ত সময় বিচাৰি সময় আবেদন দাখিল কৰিছিল, যাৰ ফলত আদালতে শুনানি সোমবাৰলৈকে স্থগিত ৰাখিছিল।
সোমবাৰৰ শুনানিৰ সময়ত দুয়োপক্ষৰ ব্যাপক যুক্তিৰ অন্তত আদালতে ঘোষণা কৰে ৰোশন আনন্দৰ জামিনৰ সিদ্ধান্ত।
এই সমগ্ৰ বিষয়টো চৰ্চালৈ আহিছিল যেতিয়া প্ৰখ্যাত শিক্ষক খান ছাৰৰ দ্বাৰা পৰিচালিত খান গ্ল’বেল ষ্টাডিজ কোচিং ইনষ্টিটিউটত শিলগুটি নিক্ষেপ আৰু লণ্ড ভণ্ড কৰাৰ ঘটনা সংঘটিত কৰা হৈছিল। এই ঘটনাৰ পিছতে প্ৰতিষ্ঠানটোৰ পৰিচালনা সমিতিয়ে এজাহাৰ দাখিল কৰে। কানহাইয়া কুমাৰে অভিযোগ কৰে যে জ্ঞানবিন্দু কোচিং ইনষ্টিটিউটৰ পৰিচালক ৰোশন আনন্দ, তেওঁৰ ভাতৃ প্ৰিন্স যাদৱ আদিয়ে আক্ৰমণ কৰি সা-সম্পত্তিৰ ক্ষতিসাধন কৰিছে।
অভিযোগ অনুসৰি আৰক্ষীয়ে ৰোশন আনন্দকে ধৰি তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি আদালতৰ নিৰ্দেশত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে পাটনাৰ বেউৰ কাৰাগাৰত বন্দী হৈ আছে। এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ এটা অংশও সংগঠিত হৈ ৰোশন আনন্দৰ সমৰ্থনত পাটনাত মমবাতি সমদল উলিয়াই এই গোচৰৰ ন্যায্য তদন্তৰ দাবী জনায়।
ইফালে, নেপালত সন্দেহজনক পৰিস্থিতিত ৰোশন আনন্দৰ ভাতৃ ৰাজকুমাৰ যাদৱৰ মৃত্যুৰ খবৰ ওলোৱাৰ লগে লগে গোচৰটোৱে নতুন ৰূপ ধাৰণ কৰে। এই গোচৰৰ নাম উল্লেখ কৰা অভিযুক্ত ৰাজকুমাৰ যাদৱ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল। আৰক্ষীয়ে তেওঁক বিচাৰি ফুৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ নেপালৰ বিৰাটনগৰৰ এখন হোটেলত থকাৰ তথ্য লাভ কৰিছিল আৰু তাতেই সন্দেহজনক পৰিস্থিতিত তেওঁৰ মৃত্যু হৈছিল।
এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ আলোচনাৰ সূচনা কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলেও জ্ঞানবিন্দু কোচিং ইনষ্টিটিউটৰ সঞ্চালকক মুক্তিৰ দাবীত সঘনাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ন্যায্য তদন্ত অবিহনে কাকো কাৰাগাৰত ভৰোৱা উচিত নহয় আৰু সমগ্ৰ বিষয়টো নিৰপেক্ষভাৱে তদন্ত কৰিব লাগে বুলি উল্লেখ কৰে।–––––––––––––
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ