
পাটনা, ১৫ জুন (হি.স.)। পাটনাৰ জ্ঞান বিন্দু জি এছ একাডেমীৰ সঞ্চালক ৰোশন আনন্দক জামিন লাভ কৰাৰ পিচত সোমবাৰে পুৱা জেলৰ পৰা মুকলি কৰি দিয়া হয়। মুক্তিৰ লগে লগে তেওঁ ভিখানা পাহাড়ীত থকা তেওঁৰ প্ৰশিক্ষক কেন্দ্ৰত ছাত্ৰ-ছাত্ৰী আৰু সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেওঁ কয় যে তেওঁ এজন প্ৰকৃত সনাতনী আৰু তেওঁৰ গোচৰটো গণতান্ত্ৰিক আৰু আইনীভাৱে যুঁজিব।
ৰোশন আনন্দে উল্লেখ কৰে যে তেওঁৰ পৰম্পৰাত কোনো ধৰণৰ হিংসাৰ শিক্ষা দিয়া হোৱা নাই আৰু তেওঁ ন্যায়ৰ সম্পূৰ্ণ আইনী পথ অৱলম্বন কৰিব। ভাতৃৰ ন্যায় নিশ্চিত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
তেওঁ খান ছাৰ নামেৰেও পৰিচিত ফৈজল খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। ৰোশন আনন্দে কয় যে তেওঁ অনাগত দিনত প্ৰতিটো তথ্য ৰাজহুৱা কৰিব আৰু তেওঁৰ হাতত উল্লেখযোগ্য তথ্য আছে যিয়ে সমগ্ৰ বিষয়টোৰ সত্যতা প্ৰকাশ কৰিব। তদন্তকাৰী সংস্থাসমূহে কোনো ধৰণৰ হেঁচাত নপৰাকৈ গোচৰটোৰ নিৰপেক্ষ আৰু পুংখানুপুংখ তদন্ত কৰিবলৈও দাবী জনায়।
ৰোশন আনন্দে ফৈজল খানৰ ধন-সম্পত্তিৰ উৎসক লৈ প্ৰশ্ন উত্থাপন কৰি তদন্ত কৰিব লাগে বুলি যুক্তি আগবঢ়ায়। ৰোশন আনন্দে অভিযোগ কৰে যে চকীদাৰজনে গুলীচালনা কৰাৰ পিছত গোচৰটো ভুল দিশলৈ গৈছিল।
কনিষ্ঠ ভাতৃৰ মৃত্যুৰ ওপৰত আৱেগিক হৈ তেওঁ কয় যে এইটো তেওঁৰ পৰিয়ালৰ বাবে এক অপূৰণীয় ক্ষতি আৰু ইয়াৰ ক্ষতিপূৰণ দিব নোৱাৰি। সমগ্ৰ বিষয়টোৰ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ তদন্তৰ দাবী জনায়। লগতে উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰিবলৈও আবেদন জনায়।
বৰ্তমান ৰাজনৈতিক আৰু সামাজিক পৰ্যায়ত আলোচনা তীব্ৰতৰ হৈ পৰিছে আৰু তদন্তৰ দাবী অহৰহ বৃদ্ধি পাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া