কলিয়াবৰত নৈশ বাছত উদ্ধাৰ বস্তায়ে বস্তায়ে চোৰাং ভাবে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি
কলিয়াবৰত নৈশ বাছত ওলাইছে বস্তায়ে বস্তায়ে চোৰাং ভাবে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি।
কলিয়াবৰত নৈশ বাছত উদ্ধাৰ বস্তায়ে বস্তায়ে চোৰাং ভাবে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি


নগাঁও, ১৫ জুন (হি.স.): নগাঁও জিলাৰ কলিয়াবৰত নৈশ বাছত ওলাইছে বস্তায়ে বস্তায়ে চোৰাং ভাবে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি।কলিয়াবৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত কালি নিশা চলাইছিল বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান । অভিযানত গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী এএছ ০১ এছচি ৮০৯৪ নম্বৰৰ এখন যাত্ৰীবাহী নৈশ বাছৰ ভিতৰৰ পৰা জব্দ কৰে বস্তায়ে বস্তায়ে বাৰ্মিজ চুপাৰি।

চোৰাং ভাবে সৰবৰাহ কৰা বাৰ্মিজ চুপাৰি ভৰ্তি প্ৰায় ১৯ টা বস্তা কলিয়াবৰ আৰক্ষীয়ে জব্দ কৰাৰ পাছতেই পোহৰলৈ আহিছে ৰাজ্যত যে এতিয়াও চোৰাং ভাবে চলি আছে বাৰ্মিজ চুপাৰিৰ বেহা । নৈশ বাছ খনৰ চালকে স্বীকাৰ কৰে চামগুৰিৰ আমনিত এজন লোকে বাৰ্মিজ চুপাৰি ভৰ্তি বস্তা সমূহ যোৰহাটলৈ বুলি নিবলৈ দিছিল । কলিয়াবৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তত অন্ততহে পোহৰলৈ আহিব চোৰাং ভাবে বাৰ্মিজ চুপাৰি সৰবৰাহৰ লগত কোন কোন জড়িত আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande