
মুম্বাই, ১৪ জুন (হি.স.)। মহাৰাষ্ট্ৰৰ সোলাপুৰৰ মালশিৰাছ তহচিলৰ তাণ্ডুৱাড়ী গাঁৱৰ সমীপত দেওবাৰে এখন তীব্ৰ বেগী টেম্পো এটা কুঁৱাত পৰি ১৪ জন লোকৰ মৃত্যু হয়।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে মালশিৰাছ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা কুঁৱাৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে সকলোকে মৃত বুলি ঘোষণা কৰে। দুৰ্ঘটনাত মৃত্যু হোৱা আটাইকেইজন ভক্ত পান্ধৰপুৰৰ ৰঞ্জনী গাঁৱৰ বাসিন্দা। এই ভয়ংকৰ দুৰ্ঘটনাটোৱে পন্ধৰপুৰত শোকৰ পৰিৱেশ সৃষ্টি কৰিছে।
ঘটনাৰ তদন্ত কৰি থকা আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰঞ্জনী গাঁৱৰ বাসিন্দাসকলে আজি ম্হাছৱদ-পান্ধৰপুৰ পথৰ সিদ্ধনাথক পৰিদৰ্শন কৰিবলৈ গৈছিল। সিদ্ধনাথ ভ্ৰমণ কৰি নিজৰ গাঁৱলৈ উভতি অহাৰ সময়তে তেওঁলোকৰ টেম্পো মালশিৰাছ তহচিলৰ ম্হাছৱদ-পন্ধৰপুৰ পথৰ তাণ্ডুৱাড়ী গাঁৱৰ সমীপত এটা কুঁৱাত পৰি ১৪ জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ ভিতৰত আছে পুৰুষ, মহিলা, শিশু। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত সমবেত হয় এক বৃহৎ জনসমাগম। লগে লগে তাণ্ডুৱাডীৰ পৰা অহা গাঁওবাসীয়ে আহি সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। গাঁওবাসীৰ সহযোগত আৰক্ষী আৰু প্ৰশাসনৰ লোকে কুঁৱাৰ পৰা মৃতদেহ টানি আনে। ইয়াৰ পিছতে ততাতৈয়াকৈ তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত নিহতসকলৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া