
নতুন দিল্লী, ১৪ জুন (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ ১০টা মূল্যৱান কোম্পানীৰ ভিতৰত আঠটা কোম্পানীৰ মাৰ্কেট কেপ বৃদ্ধি পোৱাৰ বিপৰীতে দুটা কোম্পানীৰ মাৰ্কেট কেপ হ্ৰাস পাইছে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ ব্যৱসায়ৰ পিছত এই শীৰ্ষ দহটা কোম্পানীসমূহৰ ভিতৰত আঠটা কোম্পানীৰ বজাৰ মূল্য ১.৯০ লাখ কোটি টকাৰো অধিক বৃদ্ধি পাইছে।
ইয়াৰ ভিতৰত আইচিআইচিআই বেংকে আটাইতকৈ বেছি লাভৱান হোৱাৰ বিপৰীতে মাৰ্কেট কেপ বৃদ্ধিৰ ক্ষেত্ৰত এইচডিএফচি বেংকে দ্বিতীয় স্থান লাভ কৰে। শীৰ্ষ ১০ টা আটাইতকৈ মূল্যৱান কোম্পানীত থকা বাকী দুটা কোম্পানীৰ মাৰ্কেট কেপ ১৪,০০০ কোটি ₹তকৈও অধিক হ্ৰাস পাইছে। মাৰ্কেট কেপ হ্ৰাসৰ ক্ষেত্ৰত টাটা কনছালটেন্সি চাৰ্ভিচেছৰ (টিচিএছ) আগবাঢ়ি থকাৰ বিপৰীতে ভাৰতীয় জীৱন বীমা নিগমে দ্বিতীয় স্থান লাভ কৰে।
এই সপ্তাহৰ ব্যৱসায়ৰ অন্তত আইচিআইচিআই বেংক, এইচডিএফচি বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই), বাজাজ ফাইনেন্স, ভাৰতী এয়াৰটেল, লাৰ্চেন এণ্ড টৌব্ৰ’, হিন্দুস্তান ইউনিলিভাৰ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ১,৯০,০০১.৯৬ কোটি টকা বৃদ্ধি পায়। আনহাতে, টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ) আৰু ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ১৪,১১৮.৭২ কোটি টকা হ্ৰাস পাইছে।
সোমবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত ব্যৱসায়ৰ অন্তত আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ৫৬,২২৩ কোটি টকা বৃদ্ধি পাই ৯,৬১,২৯৭.৭৭ কোটি টকা হয়। একেদৰে এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ৩৮,৫৭১.১১ কোটি টকা জপিয়াই ১১,৮৯,৩১৪.৪২ কোটি টকা হয়। ইয়াৰ উপৰিও ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ৩৬,১৩৭.৮৭ কোটি টকা জপিয়াই ৯,৩৮,৬৬১.৫০ কোটি টকা হয়।
বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ১৮,৩৬৬.৫৭ কোটি টকা বৃদ্ধি পাই বিগত সপ্তাহৰ ব্যৱসায়ত ৫,৭১,৯৪৭.৫৪ কোটি টকা হয়। একেদৰে ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ১৪,৩৮০.১৪ কোটি টকা বৃদ্ধি পাই ১১,১০,৫৩০.৬৩ কোটি টকা, লাৰ্চেন এণ্ড টৌব্ৰ’ (এল এণ্ড টি)ৰ মাৰ্কেট কেপ ১৩,২৪১.৩৯ কোটি টকা বৃদ্ধি পাই ৫,৫৭,১৯৭.৮৩ কোটি টকা, হিন্দুস্তান ইউনিলিভাৰৰ মাৰ্কেট কেপ ৫০ কোটি টকা বৃদ্ধি ১০,৯৮৪.৩৪ কোটি টকা ৫,০৯,২৮৫.৬৫ কোটি টকা আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ২,০৯৭.৫৪ কোটি টকা বৃদ্ধি পাই ১৭,৪৯,৪১৮.৯৪ কোটি টকা হয়। টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ১৩,২৯৬.৪৭ কোটি টকা হ্ৰাস পাই ৭,৮২,০৪৯.৬২ কোটি টকা আৰু ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ৮২২.২৫ কোটি টকা জঁপিয়াই ৫,০৫,০৫১.০৭ কোটি টকা হয়।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ১৭,৪৯,৪১৮.৯৪ কোটি টকাৰ বজাৰ মূলধনেৰে দেশৰ ভিতৰতে সৰ্বাধিক মাৰ্কেট কেপ থকা কোম্পানী হৈয়েই আছে।
ইয়াৰ পিছতে এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১১,৮৯,৩১৪.৪২ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,১০,৫৩০.৬৩ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ৯,৬১,২৯৭.৭৭ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ৯,৩৮,৬৬১.৫০ কোটি টকা), টাটা কনছালটেন্সি সেৱা (টিচিএছ) (মুঠ বজাৰ মূল্য ৭,৮২,০৪৯.৬২ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ বজাৰ মূল্য ৫,৭১,৯৪৭.৫৪ কোটি টকা), লাৰ্চেন এণ্ড টৌব্ৰো (মুঠ বজাৰ মূল্য ৫,৫৭,১৯৭.৮৩ কোটি টকা), হিন্দুস্তান ইউনিলিভাৰ (মুঠ বজাৰ মূল্য ৫,০৯,২৮৫.৬৫ কোটি টকা) আৰু জীৱন বীমা নিগম (এল আই চি) (মুঠ মাৰ্কেট কেপ ৫,০৫,০৫১.০৭ কোটি টকা)ৰে শীৰ্ষ ১০ টা আটাইতকৈ মূল্যৱান কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া