
ধুবুৰী, ১৪ জুন (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ জালত পৰে এটা গভাইত চোৰ। যোৱা কালি শনিবাৰে বিয়লি গভাইত বেটাৰী চোৰ আনিছুৰ ৰহমান ওৰফে মানিক (১৯)ক কৰায়ত্ত কৰে ।
উল্লেখ্য় যে গোলকগঞ্জৰ লক্ষীমাৰী, ৰাখালপাঠ, বিষখোৱা অঞ্চলত ট্ৰাক আৰু ট্ৰেক্টৰৰ বেটাৰী চোৰ কৰি এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছিল। কিন্তু কালি বিয়লি ৰাইজে গভাইত চোৰ জনক ধৰি কৰি আৰক্ষীক খবৰ দিয়ে । পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰ জনক আটক কৰি গোলোকগঞ্জ থানালৈ আনে । পিছত চোৰ জনৰ স্বীকাৰোক্তিৰ ভিত্তিত যিখন দোকানত চুৰ কৰা বেটাৰী বিক্ৰী কৰিছিল সেই দোকানীকো আটক কৰি থানালৈ আনে । দোকানীজন ৰতিয়াদহৰ আজিজুৰ ৰহমান বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ