
নতুন দিল্লী, ১৪ জুন (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীৰ বিক্ৰীৰ ধাৰাবাহিকতা অবিৰতভাৱে অব্যাহত আছে। ফেব্ৰুৱাৰী মাহৰ বাহিৰে চলিত বছৰটোত বিদেশী বিনিয়োগকাৰীসকল ধাৰাবাহিকভাৱে বিক্ৰেতা হৈয়েই আছে। জুন মাহৰ প্ৰথম দুসপ্তাহত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে (এফপিআই) বিক্ৰীৰ ধাৰা অব্যাহত ৰাখিছিল। চলিত মাহত এতিয়ালৈকে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে ষ্টক মাৰ্কেটৰ পৰা ৬২,০০০ কোটি ₹তকৈ অধিক ধন উলিয়াইছে।
পহিলা জুনৰ পৰা ১২ জুনলৈকে ১০টা ব্যৱসায়িক দিনত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে ৬২,৮৫৩ কোটি টকাৰ ইকুইটি বিক্ৰী কৰে। এই মাহৰ দহ দিন আৰু বিগত পাঁচ মাহৰ পৰিসংখ্যাৰ সৈতে মিলি ২০২৬ চনৰ কেলেণ্ডাৰ বৰ্ষৰ বাবে ঘৰুৱা ষ্টক বজাৰত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীৰ নিকা বিক্ৰীৰ পৰিসংখ্যা ৩.০৯ লাখ কোটি টকাৰ ওপৰত হৈছে।
নেশ্যনেল ছিকিউৰিটিজ ডিপ’জিটৰী লিমিটেড (এন এছ ডি এল)ৰ তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহৰ ক্ৰয় বাদ দি বাকী সাড়ে চাৰি মাহ অৰ্থাৎ জানুৱাৰী, মাৰ্চ, এপ্ৰিল, মে’ আৰু জুন মাহৰ প্ৰথম দুসপ্তাহত ঘৰুৱা শ্বেয়াৰ বজাৰত মুঠ ৩০৯,৬২৫ কোটি টকা বিক্ৰী কৰিছিল। জানুৱাৰী মাহত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে ঘৰুৱা শ্বেয়াৰ বজাৰত ৩৫,৯৬২ কোটি টকা বিক্ৰী কৰিছিল। ফেব্ৰুৱাৰী মাহত এফপিআইসমূহে বিক্ৰীৰ পৰিৱৰ্তে ক্ৰয়ত গুৰুত্ব আৰোপ কৰিছিল, ভাৰতীয় শ্বেয়াৰ বজাৰত ২২,৬১৫ কোটি ₹ বিনিয়োগ কৰিছিল।
মাৰ্চ মাহত পুনৰ পৰিস্থিতি সলনি হ’ল। এই মাহত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে সমগ্ৰ ব’ৰ্ডতে শ্বেয়াৰ বিক্ৰী কৰি অভিলেখ ₹১.১৭ লাখ কোটি টকা উলিয়াইছিল। এপ্ৰিল মাহতো এফপিআইৰ বিক্ৰীৰ ধুমুহা অব্যাহত আছিল, ৬০,৮৪৭ কোটি ₹ৰ শ্বেয়াৰ বিক্ৰী হৈছিল। ইয়াৰ পিছত মে’ মাহত এফপিআইয়ে শ্বেয়াৰ বজাৰত ৩২,৯৬৩ কোটি ₹ৰ শ্বেয়াৰ বিক্ৰী কৰিছিল। এতিয়া জুন মাহৰ প্ৰথম দুসপ্তাহত এফপিআইয়ে ঘৰুৱা শ্বেয়াৰ বজাৰৰ পৰা ৬২,৮৫৩ কোটি টকা উলিয়াইছে।
ফেব্ৰুৱাৰী মাহত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে কৰা ২২,৬১৫ কোটি টকাৰ ক্ৰয় এই বছৰৰ মুঠ বিক্ৰীৰ পৰিসংখ্যাৰ পৰা বিয়োগ কৰিলেও এই বছৰ বিদেশী বিনিয়োগকাৰীৰ নিকা বিক্ৰীৰ পৰিসংখ্যা ₹৩ লাখ কোটি অৰ্থাৎ ২,৮৭,০১০ কোটি ₹ৰ সীমাৰ অতি ওচৰত যেন লাগে।
বজাৰ বিশেষজ্ঞসকলৰ মতে বিশ্বৰ সামষ্টিক অৰ্থনৈতিক অনিশ্চয়তাই এই বছৰ বিদেশী বিনিয়োগকাৰীয়ে ঘৰুৱা শ্বেয়াৰ বজাৰত বিক্ৰী কৰাৰ প্ৰধান কাৰণ। ফিনৰেক্স ট্ৰেজাৰী এডভাইজাৰ্ছ এল এল পিৰ কাৰ্যবাহী সঞ্চালক অনিল ভাঞ্চালীয়ে কয় যে ভূ-ৰাজনৈতিক উত্তেজনাই ভাৰতকে ধৰি উদীয়মান বজাৰসমূহত বিনিয়োগকাৰীৰ ৰিস্কৰ ক্ষুধাত প্ৰভাৱ পেলাইছে। বিদেশী বিনিয়োগকাৰীসকলে বিশেষকৈ ভূ-ৰাজনৈতিক বিপদ, মুদ্ৰাস্ফীতি, খাৰুৱা তেলৰ উচ্চ মূল্য আৰু সুতৰ হাৰক লৈ চিন্তিত।
পশ্চিম এছিয়াত উত্তেজনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য দীৰ্ঘদিন ধৰি উচ্চ হৈ আছে। যোৱা সপ্তাহত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯০ ডলাৰৰ স্তৰৰ ওচৰত আছে। খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে বিশ্বৰ মুদ্ৰাস্ফীতি বৃদ্ধিৰ আশংকা বৃদ্ধি কৰিছে। মুদ্ৰাস্ফীতিৰ এই আশংকাই বিদেশী বিনিয়োগকাৰীকো নিজৰ ধন ৰক্ষাৰ বাবে বিক্ৰীৰ আশ্ৰয় ল’বলৈ বাধ্য কৰাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া