কমনৱেলথ গেমছ ২০২৬ৰ বাবে ঘোষণা ৩২ জনীয়া ভাৰতীয় দল
নতুন দিল্লী, ১৪ জুন (হি.স.)। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে দেওবাৰে ভাৰতীয় এথলেটিকছ ফেডাৰেচনে ৩২ জনীয়া ভাৰতীয় এথলেটিকছ দলৰ কথা ঘোষণা কৰে। ভাৰতীয় দলটোত ২২ গৰাকী পুৰুষ আৰু ১০ গৰাকী মহিলা খেলুৱৈ আছে। দলটোত আছে
कॉमनवेल्थ गेम्स 2026 के लिए टीम की घोषणा


নতুন দিল্লী, ১৪ জুন (হি.স.)। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে দেওবাৰে ভাৰতীয় এথলেটিকছ ফেডাৰেচনে ৩২ জনীয়া ভাৰতীয় এথলেটিকছ দলৰ কথা ঘোষণা কৰে। ভাৰতীয় দলটোত ২২ গৰাকী পুৰুষ আৰু ১০ গৰাকী মহিলা খেলুৱৈ আছে।

দলটোত আছে দুবাৰৰ অলিম্পিক পদক বিজয়ী তথা তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা। লগতে খেলুৱৈ অনিমেশ কুজুৰ, গুৰিন্দৰবীৰ সিং, গুলৱীৰ সিং, তেজছ শ্বিৰ্ছে, ইত্যাদিও অন্তৰ্ভুক্ত।

ভাৰতীয় পুৰুষ খেলুৱৈৰ ভিতৰত গুৰিন্দৰবীৰ সিং (১০০ মিটাৰ), অনিমেশ কুজুৰ (২০০ মিটাৰ), গুলৱীৰ সিং (৫০০০ মিটাৰ/১০,০০০ মিটাৰ), তেজস অশোক শ্বিৰ্ছে (১১০ মিটাৰ হাৰ্ডলছ), যশস পি আৰু সন্তোষ কুমাৰ তামিলাৰাছন (৪০০ মিটাৰ হাৰ্ডলছ), সৰ্বেশ অনিল কুছাৰে আৰু আদৰ্শ ৰাম জে (হিঘ জাম্প), দেৱ মীনা আৰু... কুলদীপ কুমাৰ (পোল ভল্ট), শ্ৰীশংকৰ এম আৰু লোকেশ সত্যনাথন (লং জাম্প), প্ৰবীণ চিত্ৰভেল আৰু চেলভা প্ৰভু (ট্ৰিপল জাম্প), সমৰদ্বীপ সিং গিল আৰু তাজিন্দৰপাল সিং টুৰ (শ্বট পুট), নীৰজ চোপ্ৰা, ৰোহিত যাদৱ আৰু যশবীৰ সিং (জেভেলিন থ্ৰ’), তেজস্বিন শংকৰ (ডেকাথলন/হাই জাম্প), বিশাল টি কে আৰু ৰাজেশ ৰমেশ (৪০০ মিটাৰ আৰু ৪x৪০০ মিটাৰ ৰিলে)।

মহিলা খেলুৱৈসকলৰ ভিতৰত পাৰুল চৌধাৰী (৩০০০ মিটাৰ ষ্টীপলচেজ আৰু ৫০০০ মিটাৰ), পূজা (হাই জাম্প), মনপ্ৰীত কৌৰ (শ্বট পুট), সীমা আৰু নিধি ৰাণী (ডিস্কাছ থ্ৰ’), ৰবীনা আৰু প্ৰিয়ংকা (১০,০০০ মিটাৰ ৰেছ ৱাক), আনছা বাবু, ৰাশদ্বীপ কৌৰ, আৰু নীৰু পাঠক (৪x৪০০ মিটাৰ ৰিলে)। নিৰ্বাচিত কৰা হৈছে।

এ এফ আইৰ তথ্য অনুসৰি ২০২৬ চনৰ কমনৱেলথ গেমছৰ পূৰ্বে নীৰজ চোপ্ৰা আৰু চেলভা প্ৰভুৰ নিৰ্বাচন নিৰ্ভৰ কৰিব।

কমনৱেলথ গেমছ ২০২৬ স্কটলেণ্ডৰ গ্লাছগোত ২৩ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande