পাকিস্তানৰ বিৰুদ্ধে টছত জয়ী ভাৰতীয় মহিলা দল, প্ৰথমে বেটিং কৰাৰ নিৰ্ণয়
বাৰ্মিংহাম, ১৪ জুন (হি.স.)। ভাৰতীয় মহিলা দলটোৱে দেওবাৰে আই চি চি মহিলা টি-২০ বিশ্বকাপৰ উদ্বোধনী মেচত টছত জয়লাভ কৰি পাকিস্তান মহিলা দলৰ বিৰুদ্ধে বেটিং কৰিবলৈ বাছি লয় । পাকিস্তানে প্ৰথমে বল কৰিব। দুয়োটা দলৰ মাজত এই বিশ্বকাপৰ খেলখন ইংলেণ্ডৰ বাৰ্ম
भारतीय महिला टीम प्लेइंग 11 (फोटो- बीसीसीआई वूमेन)


বাৰ্মিংহাম, ১৪ জুন (হি.স.)। ভাৰতীয় মহিলা দলটোৱে দেওবাৰে আই চি চি মহিলা টি-২০ বিশ্বকাপৰ উদ্বোধনী মেচত টছত জয়লাভ কৰি পাকিস্তান মহিলা দলৰ বিৰুদ্ধে বেটিং কৰিবলৈ বাছি লয় । পাকিস্তানে প্ৰথমে বল কৰিব।

দুয়োটা দলৰ মাজত এই বিশ্বকাপৰ খেলখন ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হৈছে। টছত জয়লাভ কৰাৰ পিছত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে কয়, ‘মই ভাবো এই পিটচখন বেটিঙৰ বাবে ভাল, গতিকে আমি প্ৰথমে বেটিং কৰি ভাল স্ক’ৰ পোষ্ট কৰাৰ সিদ্ধান্ত লৈছো।

পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাই কয় যে তেওঁৰ দলটোৱেও টছত জয়ী হ’লে প্ৰথমে বেটিং কৰিবলৈ বাছি ল’লেহেঁতেন।

ভাৰতীয় দল (প্লেয়িং একাদশ): স্মৃতি মান্ধনা, শ্বেফলী বৰ্মা, জেমিমাহ ৰড্ৰিগেছ, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), ভাৰতী ফুলমালী, ৰিচা ঘোষ, দীপ্তি শৰ্মা, অৰুন্ধতী ৰেড্ডী, শ্ৰেয়ংকা পাটিল, শ্ৰী চৰানী, ক্ৰান্তি গৌড়।

পাকিস্তান দল (প্লেয়িং একাদশ) - গুল ফিৰোজা, মুনিবা আলী, আয়েছা জাফৰ, ছাইৰা জাবিন, আলিয়া ৰিয়াজ, নাটালিয়া পাৰভেজ, ফাতিমা চানা (অধিনায়ক), ৰমীন ছামিম, নাশ্ৰা সন্ধু, তাছমিয়া ৰুবাব, সাদিয়া ইকবাল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande