প্ৰধানমন্ত্ৰীৰ ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতিৰ অভিনন্দনৰ বাবে কৃতজ্ঞতা প্ৰকাশ, দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ পুনৰবাৰ দোহাৰিলে প্ৰতিশ্ৰুতি
নতুন দিল্লী, ১৪ জুন (হি.স.)। ভাৰতৰ ইতিহাসত সৰ্বাধিক দীৰ্ঘদিনীয়া ধাৰাবাহিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱুচিচক অভিনন্দন জনোৱাৰ বাবে ধন্যবাদ জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভ
प्रधानमंत्री नरेन्द्र मोदी और यूरोपीय देश सर्बिया के राष्ट्रपति अलेक्जेंडर वुसिक (फाइल फोटो)।


নতুন দিল্লী, ১৪ জুন (হি.স.)। ভাৰতৰ ইতিহাসত সৰ্বাধিক দীৰ্ঘদিনীয়া ধাৰাবাহিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱুচিচক অভিনন্দন জনোৱাৰ বাবে ধন্যবাদ জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ছাৰ্বিয়াৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কক গভীৰভাৱে মূল্য দিয়ে আৰু দুয়োখন দেশৰ মাজত সহযোগিতা আৰু অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

দেওবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত ৰাষ্ট্ৰপতি ৱুচিচৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ শেহতীয়াকৈ ভাৰত ভ্ৰমণ আৰু দুয়োগৰাকী নেতাৰ মাজত হোৱা ফলপ্ৰসূ আৰু ইতিবাচক আলোচনাৰ বিষয়ে তেওঁ মৰমেৰে মনত পেলাইছে। তেওঁ কয় যে ভাৰত-ছাৰ্বিয়াৰ সম্পৰ্ক পাৰস্পৰিক বিশ্বাস, সন্মান, আৰু সহযোগিতাৰ শক্তিশালী ভেটিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

তেওঁৰ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে অনাগত বছৰবোৰত দ্বিপাক্ষিক সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে ভাৰতে ছাৰ্বিয়াৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱুচিচে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ ইতিহাসত সৰ্বাধিক দীৰ্ঘদিনীয়া অবিৰতভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনাইছিল। গণতান্ত্ৰিক দেশত ইমান দীঘলীয়া সময় সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাটো জনসাধাৰণৰ গভীৰ আস্থা, নেতৃত্বৰ ক্ষমতা, জনসমৰ্থনৰ প্ৰতীক বুলিও তেওঁ কয়।

ৰাষ্ট্ৰপতি ৱুচিচে প্ৰধানমন্ত্ৰী মোডীক দূৰদৰ্শী আৰু অভিজ্ঞ ৰাজনীতিবিদ বুলি অভিহিত কৰি কয় যে তেওঁৰ কণ্ঠ আজি বিশ্ব মঞ্চত সন্মানেৰে শুনা যায়। ভাৰতৰ অবিৰত প্ৰগতি আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা কৰি তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু, আৰু অবিৰত সফলতা কামনা কৰে।

শেহতীয়াকৈ দুয়োগৰাকী নেতাৰ মাজত হোৱা বৈঠকৰ কথা উল্লেখ কৰি ৱুচিচে কয় যে বৈঠকখন পাৰস্পৰিক সন্মান, বিশ্বাস আৰু বুজাবুজিৰে ভৰি আছিল। তেওঁ প্ৰধানমন্ত্ৰী মোডীক আধুনিক বিশ্বৰ প্ৰত্যাহ্বান আৰু জাতীয় স্বাৰ্থৰ গভীৰ বুজাবুজি থকা এজন প্ৰভাৱশালী নেতা বুলি অভিহিত কৰি তেওঁৰ নেতৃত্বত ভাৰতে বিশ্ব মঞ্চত নিজৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande